আমেৰিকান আইডল বিজয়ী তথা গ্ৰেমী বঁটা বিজয়ী শিল্পী মেণ্ডিছাৰ মৃত্যু। ৰহস্যজনকভাৱে নিজ ঘৰতেই মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জনপ্ৰিয় শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ৪৭ বছৰীয়া গায়িকাগৰাকীৰ ফ্ৰেংকলিন টেনেচিস্থিত নিজ ঘৰত এই ঘটনাটো সংঘটিত হৈছে।
এই দুখজনক খবৰটো মেণ্ডিছাৰ ভেৰিফাইড ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰাও নিশ্চিত কৰা হৈছে। শুকুৰবাৰে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত হয় যদিও মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।
ছ’চিয়েল মিডিয়াযোগে কৰা পোষ্টত উল্লেখ কৰিছে যে আমি নিশ্চিত কৰিছো যে কালি মেণ্ডিছাক নিজ ঘৰতে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। কিন্তু এতিয়ালৈকে আমি মৃত্যুৰ কোনো কাৰণ জানিব পৰা নাই। আমাৰ হাতত আৰু কোনো সবিশেষ নাই। আমি অনুৰোধ কৰিছো যে এই দুখৰ সময়ত মেণ্ডিছাৰ পৰিয়াল আৰু তেওঁৰ ঘনিষ্ঠসকলৰ বাবে প্ৰাৰ্থনা কৰক।
উল্লেখ্য যে, ২০০৬ চনত আমেৰিকান আইডলৰ জৰিয়তে সংগীত জগতত প্ৰৱেশ কৰা মেণ্ডিছাই ২০১০, ২০১২ আৰু ২০১৪ চনত গ্ৰেমী বঁটা লাভ কৰিছিল।