মহানদী নদীত ডুব গ’ল যাত্ৰীবাহী নাও; ৭ জনৰ মৃত্যু

ওড়িশাৰ ঝাৰছুগুডা জিলাৰ মহানদী নদীত ৫০ জন লোক কঢ়িয়াই অনা এখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাত কমেও ৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। শুকুৰবাৰে সংঘটিত হৈছিল এই কৰুণ ঘটনা।

খবৰ অনুসৰি নিৰুদ্দেশ হোৱা লোকক বিচাৰি অনুসন্ধান তথা উদ্ধাৰ অভিযান শুকুৰবাৰৰ সন্ধিয়াৰ পৰা আজি পুৱালৈকে চলিছিল।

বৰগড় জিলাৰ বন্ধিপালি অঞ্চলৰ পৰা যাত্ৰী কঢ়িয়াই অনা নাওখনে যাত্ৰাৰ মাজভাগত পানীৰ তীব্ৰ সোঁতৰ সন্মুখীন হোৱাৰ ফলত ঝাৰছুগুডাৰ সাৰাধা ঘাটৰ সমীপত নাওখন দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলত প্ৰশাসনৰ লোকৰ লগতে আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ অনুসন্ধান অভিযান আৰম্ভ কৰে।

ইফালে, ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে এই ঘটনাৰ দুখ প্ৰকাশ কৰি মৃতকৰ আত্মীয়ৰ বাবে ৪ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য ঘোষণা কৰে।

ইফালে স্থানীয় বিজেপি নেতা সুৰেশ পূজাৰীয়ে অনুজ্ঞাপত্ৰ অবিহনেই নাওখন চলি আছিল বুলি অভিযোগ কৰে। নাওখনত কোনো লাইফগাৰ্ড নাছিল বুলিও উল্লেখ কৰে বিজেপি নেতাগৰাকীয়ে।

ইফালে, এই ঘটনাৰ তদন্ত কৰা হ’ব বুলি জিলা কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

Comments (0)
Add Comment