ৰুতুৰাজ গাইকোৱাদ আৰু কে এল ৰাহুলক জৰিমনা; জানক ইয়াৰ কাৰণ

চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অধিনায়ক কে এল ৰাহুলক ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে।

শুকুৰবাৰে চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত অনুষ্ঠিত হোৱা মেচখনত শ্ল’ অভাৰ ৰেটৰ বাবে দুয়োজন অধিনায়ককে এই জৰিমনা বিহা হৈছে।

আই পি এলৰ তৰফৰ পৰা এক বিবৃতিত কোৱা হৈছে যে, ১৯ এপ্ৰিলত ইকানা ক্ৰিকেট ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত অনুষ্ঠিত মেচখনত দুয়োটা দলৰে শ্ল’ অভাৰ ৰেটৰ বাবে চেন্নাইৰ অধিনায়ক ৰুতুৰাজ আৰু লক্ষ্ণৌৰ অধিনায়ক ৰাহুলক জৰিমনা বিহা হৈছে।

উল্লেখ্য যে, আই পি এলৰ চলিত ছিজনত আচৰণ বিধি উলংঘা কৰা চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ এয়া প্ৰথমটো ঘটনা। সেয়ে ১২-১২ লাখ টকা জৰিমনা বিহা হৈছে দুয়োজন অধিনায়ককে।

শুকুৰবাৰে অনুষ্ঠিত হোৱা মেচখনত কে এল ৰাহুল নেতৃত্বাধীন লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছক ৮ উইকেটত পৰাস্ত কৰে।

Comments (0)
Add Comment