হঠাৎ অসুস্থ ৰাহুল গান্ধী; অংশ ল’ব নোৱাৰিব দুখনকৈ বিশাল জনসভাত

কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা সাংসদ ৰাহুল গান্ধীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে বাতিল কৰা হৈছে মধ্যপ্ৰদেশ ভ্ৰমণ। এখন জনসভাত অংশ ল’বলগীয়া ৰাহুল গান্ধীৰ ঠাইত দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে জনসভাখনত অংশ ল’ব।

মধ্যপ্ৰদেশ কংগ্ৰেছৰ সভাপতি জিতু পাটৱাৰীয়ে টুইটাৰত লিখিছে, অসুস্থতাৰ বাবে আজি সতনাত অনুষ্ঠিত হ’বলগীয়া জনসভালৈ আহিব নোৱাৰিব ৰাহুল গান্ধী। তেওঁৰ ঠাইত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে জনসভাত উপস্থিত থাকিব।

জিতু পাটৱাৰীয়ে আৰু লিখিছে যে কংগ্ৰেছৰ লোকসভাৰ প্ৰাৰ্থী সিদ্ধাৰ্থ কুশৱাহাৰ সমৰ্থনত সতনাত অনুষ্ঠিত হ’বলগীয়া বৈঠকত দলটোৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে নিজৰ উপস্থিতি নিশ্চিত কৰিছে।

পাৰ্টিৰ ৰাজ্যিক সভাপতি পাটোৱাৰীয়ে কয় যে ৰাহুল গান্ধীৰ ৰাজ্যত অতি সোনকালে কাৰ্যসূচী হ’ব আৰু তেওঁ জনসাধাৰণক সাক্ষাৎ কৰিব।

উল্লেখযোগ্য যে দেওবাৰে মধ্যপ্ৰদেশৰ সতনাত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত ৰাহুল গান্ধীয়ে এখন ৰাজহুৱা সভাত অংশ লোৱাৰ কথা আছিল।

ইফালে কংগ্ৰেছ দলৰ মিডিয়া চেলৰ প্ৰভাৰী জয়ৰাম ৰমেশেও এক্সযোগে এটা পোষ্টত লিখিছে, ‘সতনা আৰু ৰাঁচীত নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু আছিল ৰাহুল গান্ধী। কিন্তু তেওঁ হঠাৎ অসুস্থ হৈ পৰাত বৰ্তমান নতুন দিল্লীৰ পৰা বাহিৰলৈ যাব পৰা নাই। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই সতনাত অনুষ্ঠিত জনসভাত ভাষণ দি ৰাঁচীত অনুষ্ঠিত হ’বলগীয়া সমাৱেশত নিশ্চিতভাৱে অংশগ্ৰহণ কৰিব।

Comments (0)
Add Comment