গুৰুগ্ৰামৰ মদনপুৰীস্থিত এখন শ্মশানৰ দেৱাল ভাঙি দুগৰাকী কন্যা শিশুৰ লগতে আন তিনিজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।
এই ঘটনাৰ আঁৰত জৰিত থকা দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত মৃতকৰ আত্মীয়ই পাটৌদি চ’ক অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।
দেৱালখন কি কাৰণত আৰু কাৰ গাফিলতিত ভাঙি পৰিল তাৰ তদন্তৰ বাবে গুৰুগ্ৰাম আৰক্ষীক দাবী জনোৱাৰ লগতে প্ৰতিবাদকাৰীসকলে গোচৰ পঞ্জীয়ন কৰিবলৈও কোৱা হৈছে।
উল্লেখ্য যে, শনিবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত অৰ্জুন নগৰস্থিত এখন শ্মশানৰ দেৱাল হঠাতে ভাঙি পৰাৰ ফলত ৫ জন লোকৰ কৰুণ মৃত্যু হয়। আনহাতে আন ২ জনক গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
প্ৰত্যক্ষদৰ্শীৰ মতে, ভাঙি পৰা মদনপুৰী শ্মশানৰ বেৰত হাজাৰ হাজাৰ টন শুকান কাঠ ৰাখি থৈছিল। এই কাঠবোৰৰ ওজনৰ বাবেই এই দেৱালখন ভাঙি পৰিছিল।
স্থানীয় লোকে শ্মশান পৰিচালনা সমিতিক কেইবাবাৰো এই বেৰখন মেৰামতিৰ বাবে অনুৰোধ কৰিছিল যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে।