মৃত্যু চাগে এনেকৈয়ে আহে। মৰাণৰ ঝলমত আজি পুৱা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত একেলগে মৃত্যুক সাৱটি ল’লে মাতৃ আৰু কন্যাই। ঝলমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।
গুৱাহাটীৰ পৰা AS 01 QC 3813 নম্বৰৰ এখন ভাড়া কৰি অনা ৱেগনাৰ গাড়ীত মৰাণলৈ আহি আছিল মাতৃ-কন্যা। মৰাণৰ ঝলমৰ সমীপত পথত ৰৈ থকা HR 58 D 6767 নম্বৰৰ মালবাহী ট্ৰাকখনক অতিক্ৰম কৰাৰ সময়তে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। ফলত ঘটনাস্থলতে নিহত হয় মৰাণৰ খুমটাই সেউজপুৰৰ ববী আখটাৰ (৩৪) নামৰ মহিলাগৰাকী।
আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীৰ প্ৰায় ৩ বছৰীয়া কন্যা সন্তানটিক ততাতয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে মৃত্যুক আঁকোৱালি লয় কনমানি কন্যা শিশুটিয়ে।
দুৰ্ঘটনাত পতিত হোৱা বাহনখনত আছিল চালক, মাতৃ-কন্যা আৰু চাৰিটাকৈ কুকুৰ। এটি কুকুৰৰো মৃত্যু হয় দুৰ্ঘটনাটোত।
ইফালে মাতৃ-কন্যাৰ অঁকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।
INPUT : মৰাণৰ পৰা স্বপনীল দেউৰী