উত্তৰ প্ৰদেশৰ কন্নাৌজত বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত দুৰ্ঘটনাত ৪ যাত্ৰীৰ মৃত্যু। জানিব পৰা অনুসৰি, দ্ৰুতবেগী এখন শ্লীপাৰ বাছে ডিভাইডাৰ ভাঙি সিফালৰ পৰা অহা এখন ট্ৰাকৰ লগত খুন্দা মাৰে।
এই দুৰ্ঘটনাত বাছখনত যাত্ৰা কৰা ৩০ জনতকৈ অধিক যাত্ৰী আহত হয়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত ততাতৈয়াকৈ উদ্ধাৰকাৰী দল আৰু আৰক্ষীৰ দল উপস্থিত হৈ মৃতলোকসকলক উদ্ধাৰ কৰাৰ লগতে আহতসকলক চিকিৎসালয়লৈ লৈ যায়।
বহু আহত লোকৰ অৱস্থা সংকটজনক হৈ আছে আৰু এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে।
থাথিয়া থানাৰ অন্তৰ্গত লক্ষ্ণৌ আগ্ৰা এক্সপ্ৰেছৱেত সংঘটিত হৈছে এই দুৰ্ঘটনা। তথ্য অনুসৰি ব্যক্তিগত বাছখন গোৰখপুৰৰ পৰা দিল্লী অভিমুখে গৈ আছিল।
এই সন্দৰ্ভত কন্নৌজৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সংঞ্চাৰ সিঙে কয়, “আজি পুৱা প্ৰায় ৪.৩০ বজাত লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ত এখন ট্ৰাক আৰু বাছৰ মাজত সংঘৰ্ষ হয়। ট্ৰাকখন লক্ষ্ণৌ অভিমুখে গৈ আছিল আৰু বাছখন দিল্লী অভিমুখে গৈ আছিল।”
তেওঁ লগতে কয়, “ঘটনাটো ভালদৰে চালি জাৰি চাই এনে লাগিছে যেন বাছৰ চালকজনৰ টোপনি অহাৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ঘটনাৰ তদন্ত অব্যাহত আছে।”