মাজ আকাশত দুই হেলিকপ্টাৰৰ ভয়ংকৰ সংঘৰ্ষ; ১০ জন লোকৰ মৃত্যু

মালয়েছিয়াত নৌসেনা ঘাটিৰ সমীপত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। অনুশীলনৰ সময়ত নৌসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ ১০ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ খবৰ লাভ কৰা গৈছে।

নৌসেনা ঘাটিৰ ওচৰত দুখন হেলিকপ্টাৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, মঙলবাৰে পুৱা ৯.৩২ বজাত (০১৩২ জিএমটি) পশ্চিম পেৰাক ৰাজ্যৰ লুমুট নৌসেনা ঘাটিৰ ওচৰত চলি আছিল নৌসেনাৰ অনুশীলন।

উল্লেখ্য যে, মে’ মাহত হ’বলগীয়া মালয়েছিয়াৰ ৰয়েল মালয়েছিয়ান নেভিৰ ৯০ সংখ্যক বাৰ্ষিক সমাৰোহৰ বাবে চলাই থকা আখৰাৰ সময়ত দুয়োখন সামৰিক হেলিকপ্টাৰ সংঘৰ্ষত লিপ্ত হয়।

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, দুয়োখন হেলিকপ্টাৰত আছিল ১০ গৰাকী ক্ৰু সদস্য আৰু দুৰ্ঘটনাটোত আটাইকেইজনৰে মৃত্যু ঘটিছে। নৌসেনাৰ তৰফৰ পৰা এই কথা নিশ্চিত কৰা হৈছে।

উল্লেখ্য যে, যোৱা বছৰো মালয়েছিয়াত জৰুৰীকালীন অৱতৰণৰ সময়ত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। কিন্তু এই ঘটনাত হেলিকপ্টাৰত থকা আটাইকেইজন সদস্যৰে প্ৰাণ ৰক্ষা পৰিছিল।   

Comments (0)
Add Comment