দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে কঁপি উঠিল মণিপুৰ; বোমাৰে উৰুৱাই দিলে গুৰুত্বপূৰ্ণ দলং

বিগত এটা বছৰ ধৰি হিংসাৰ জুইত জ্বলি থকা মণিপুৰত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মঙলবাৰে নিশা ৰাজ্যখনৰ কাংপকপি জিলাত কোনো দুৰ্বৃত্তই বোমাৰে উৰুৱাই দিলে এখন গুৰুত্বপূৰ্ণ দলং।

নাগালেণ্ডৰ ডিমাপুৰৰ সৈতে ইম্ফলক সংযোগ কৰা ২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ চাপৰমেইনা-লাইখা সংযোগী দলঙত সংঘটিত হয় এই বিস্ফোৰণ।

আউটাৰ মণিপুৰত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ঠিক দুদিন পূৰ্বে সংঘটিত এই বিস্ফোৰণে চিন্তাত পেলাইছে চৰকাৰ তথা প্ৰশাসনক।

নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়াই জনোৱা অনুসৰি নিশা প্ৰায় ১.১৫ বজাত কাংপকপি জিলাৰ চাপৰমেইনাত সংঘটিত হৈছে এই বিস্ফোৰণ।

অৱশ্যে এই পৰ্যন্ত বিস্ফোৰণৰ দায়িত্ব কোনো উগ্ৰপন্থী সংগঠনে স্বীকাৰ কৰা নাই যদিও আৰক্ষী প্ৰশাসনে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

নিৰাপত্তাৰক্ষীয়ে বিস্ফোৰণস্থলী ছীল কৰি সমীপৰ অঞ্চলসমূহৰ লগতে আন আন দলংসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰি আছে বুলি জনাইছে নিৰাপত্তাৰক্ষীৰ শীৰ্ষ বিষয়াই।

উল্লেখ্য যে, ১৯ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তো নিৰ্বাচনী হিংসা দেখা গৈছিল মণিপুৰৰ ভিন্ন অঞ্চলত। ভোটগ্ৰহণ কেন্দ্ৰত দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰাৰ উপৰি ইভিএম ভাঙি লণ্ড-ভণ্ড কৰাৰো তথ্য পোহৰলৈ আহিছিল।

Comments (0)
Add Comment