বুধবাৰে মহাৰাষ্ট্ৰৰ যৱতমালত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি থকা অৱস্থাতে অচেতন হৈ পৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা নীতিন গাডকাৰী।
জানিব পৰা অনুসৰি, যৱতমালৰ পুছাদত আয়োজিত প্ৰচাৰ সভাত ভাষণ দি থকা অৱস্থাত মূৰ ঘূৰীই মঞ্চতে বাগৰি পৰে। অৱশ্যে কিছু সময় পিছতেই তেওঁ পনৰ সুস্থ হৈ এখন ৰাজহুৱা সভাত ভাষণ প্ৰদানো কৰে।
নীতিন গাডকাৰীয়ে ভাষণ দিবলৈ মঞ্চত উপস্থিত হোৱাৰ লগে লগে তেওঁ অচেতন হৈ পৰিল। ইয়াৰ পিছত তাত উপস্থিত থকা দলীয় কৰ্মীসকলে তেওঁৰ মুখত পানী ছটিয়াই মঞ্চৰ পৰা আঁতৰাই লৈ যায়। তাৰ পিছত তেওঁক চিকিৎসা সাহায্য প্ৰদান কৰা হয়।
২৬ এপ্ৰিলত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়তে যৱতমালত অনুষ্ঠিত হ’ব নিৰ্বাচন। যৱতমলৰ সমান্তৰালকৈ মহাৰাষ্ট্ৰৰ বুলধনা, আকোলা, অমৰাৱতী, ৱাৰ্ধা, হিংগোলী, নান্দেড় আৰু পৰভণীতো ভোটাৰসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব।