পৰিত্যক্ত গাড়ীত খেলি থকা অৱস্থাতেই কৰুণ মৃত্যু দুই ভাই-ভনীৰ

মুম্বাইৰ এণ্টপ হিলৰ পৰা আহিছে এক হৃদয় বিদাৰক ঘটনা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এখন পৰিত্যক্ত গাড়ীৰ পৰা উদ্ধাৰ হৈছে দুটা শিশুৰ মৃতদেহ।

জানিব পৰা মতে, পৰিত্যক্ত বাহনখনৰ দুৱাৰ বন্ধ কৰি খেলি থকা অৱস্থাতে শ্বাহৰুদ্ধ হৈ দুয়োটা শিশুৰ মৃত্যু হয়। মৃত শিশু দুটি সম্বন্ধত ভাই-ভনী।

মৃত ল’ৰাটোৰ নাম ছাজিদ আৰু ছোৱালীজনীৰ নাম মুস্কান। এণ্টপ হিল আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি বিষয়টোৰ তদন্ত কৰি আছে। আৰক্ষীৰ তথ্য অনুসৰি এজনৰ বয়স ৫ বছৰ আৰু আনজনৰ বয়স ৭ বছৰ।

জানিব পৰা মতে, দুয়োজনে দুপৰীয়া ১.৩০-২ বজাত ঘৰৰ বাহিৰত খেলি আছিল কিন্তু বহু সময়লৈকে ঘৰলৈ উভতি নহা দেখি পৰিয়ালৰ লোকে বিচাৰিবলৈ আৰম্ভ কৰে। অৱশ্যে শিশু দুটিক বিচাৰি নোপোৱাত পৰিয়ালৰ লোকে থানাত নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰে।

অভিযোগৰ পিছতে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে যদিও অঞ্চলটোৰ চিচিটিভি ফুটেজ স্কেন কৰাৰ পিছতো ক’তোৱে শিশুসকলৰ কোনো ধৰণৰ গতিবিধি দেখা পোৱা নগ’ল।

ইয়াৰ পিছতে আৰক্ষীয়ে পুনৰ ঘৰৰ চাৰিওফালে তদন্ত কৰি ধূলিৰে আবৃত এখন পুৰণি গাড়ীৰ ওপৰত চকু পৰে। এই গাড়ীখন বহুদিন তাতেই ৰখাই থোৱা আছিল। ম’বাইল টৰ্চ লৈ আৰক্ষীয়ে গাড়ীখনৰ ভিতৰত চোৱাত দুয়োজনকে দেখা পায়। লগে লগে দুয়োকে উলিয়াই আনি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ইতিমধ্যে দুয়োৰে মৃত্যু হৈছিল বুলি জনায় চিকিসকে।

Comments (0)
Add Comment