অভিনেতা সঞ্জয় দত্তৰ পিছত এইবাৰ তামান্না ভাটিয়ালৈ চমন প্ৰেৰণ চাইবাৰ চেলৰ

বলীউডৰ অভিনেতা সঞ্জয় দত্তলৈ চমন প্ৰেৰণ কৰাৰ দুদিন পিছতে এইবাৰ মহাৰাষ্ট্ৰ চাইবাৰ চেলে অভিনেত্ৰী তমন্না ভাটিয়ালৈ প্ৰেৰণ কৰিছে চমন। ২০২৩ চনত মহাদেৱ অনলাইন গেমিং আৰু বেটিং এপৰ ​​অন্তৰ্গত ফেয়াৰপ্লে এপত আই পি এলৰ অবৈধ সম্প্ৰচাৰৰ সৈতে জড়িত গোচৰত এই চমন জাৰি কৰা হৈছে।

মহাৰাষ্ট্ৰ চাইবাৰ চেলে অভিনেত্ৰীগৰাকীক ২৯ এপ্ৰিলত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে। চাইবাৰ চেলৰ মতে, এই গোচৰত তামন্নাৰ মন্তব্য ৰেকৰ্ড কৰা হ’ব। অভিনেত্ৰীগৰাকীক প্ৰশ্ন কৰা হ’ব যে ফেয়াৰপ্লেৰ বাবে কোনে তেওঁৰ সৈতে সম্পৰ্ক কৰিছিল আৰু ইয়াৰ বাবে তেওঁ কিমান টকা লাভ কৰিছিল।

তমন্না ভাটিয়াৰ পূৰ্বে ২৩ এপ্ৰিলত এই গোচৰত অভিনেতা সঞ্জয় দত্তকো চমন প্ৰেৰণ কৰা হৈছিল। এই সন্দৰ্ভত অভিনেতাজনে কৈছিল যে তেওঁ বৰ্তমান মুম্বাইত নাই আৰু নিৰ্দিষ্ট তাৰিখত হাজিৰ হ’ব নোৱাৰে। তেওঁ নিজৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ তাৰিখ আৰু সময় বিচাৰিছে।

ইতিমধ্যে মহাৰাষ্ট্ৰ চাইবাৰ চেলে গায়ক বাদশ্বাহ, সঞ্জয় দত্ত আৰু অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ মেনেজাৰৰ মন্তব্য ৰেকৰ্ড কৰিছে। এই তিনিওজনেই ফেয়াৰপ্লে এপৰ প্ৰমোশ্যনৰ সৈতে জড়িত আছিল।

উল্লেখ্য যে, এই সকলো অভিনেতা আৰু গায়কে ফেয়াৰপ্লে এপটোক আই পি এল চাবলৈ প্ৰচাৰ কৰিছিল যদিও এপটোৰ IPL সম্প্ৰচাৰৰ অভিকাৰ নাছিল, যাৰ ফলত প্ৰকৃত সম্প্ৰচাৰকসকলে যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল।

Comments (0)
Add Comment