ৰে’লৱে ষ্টেচনৰ সমীপৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড; ৬ জনৰ মৃত্যু, ১৮ জন আহত

বিহাৰৰ পাটনা ৰে’লৱে জংচনৰ সমীপৰ এখন হোটেলত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ১৮ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আহতসকলৰ ভিতৰত ১২ জন লোকৰ অৱস্থা সংকটজনক, তেওঁলোকক আই চি ইউত ভৰ্তি কৰা হৈছে।

জানিব পৰা অনুসৰি, চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে কয় যে প্ৰাথমিক তদন্তত নিৰাপত্তাৰ নিয়ম মানি নচলাৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

পাটনাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাজীৱ মিশ্ৰৰ মতে, অগ্নিনিৰ্বাপক বাহিনীৰ লোকে বহুমহলীয়া অট্টালিকাৰ পৰা ২০ জনতকৈ অধিক লোকক উদ্ধাৰ কৰিছে, আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

অগ্নিনিৰ্বাপক বাহিনীৰ দলটোক নেতৃত্ব দিয়া উপ মহাপৰিদৰ্শক মৃত্যুঞ্জয় কুমাৰে কয় যে জুই নিয়ন্ত্ৰণ কৰা হৈছে। এই অগ্নিকাণ্ডৰ ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলিও জানিব পৰা গৈছে।

Comments (0)
Add Comment