কাৰ ভুলত বঙাইগাঁৱৰ পথৰ পৰা বাগৰিল এখন নৈশ যাত্ৰীবাহী বাছ, যাৰ ফলত আহত ৩০জনৰো অধিক লোক।

নিশা বঙাইগাঁৱৰ ৰাখালডুবিত ভয়ংকৰ পথ দুৰ্ঘটনা।

https://fb.watch/rGWSbxuGgV

নিয়ন্ত্ৰণ হেৰুৱাই বঙাইগাঁৱৰ ৰাখালডুবিত পথৰ পৰা বাগৰিল এখন নৈশ যাত্ৰীবাহী বাছ ৷ আহত প্ৰায় ৩০ জন লোক ৷ শিলিগুৰিৰ পৰা গুৱাহাটী গৈ আছিল বাছখন ।

যাত্ৰীতকৈ অধিক সামগ্ৰী বোজাই কৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ যাত্ৰীসকলৰ । AS 19 C 9372 নম্বৰৰ যাত্ৰীবাহী বাছখনৰ ওপৰৰ ভাগৰ লগতে ভিতৰতো যথেষ্ট পৰিমাণৰ সামগ্ৰী ভৰ্তি আছিল বুলি জানিব দিয়ে যাত্ৰীসকলে।

পৰিৱহণ বিভাগৰ চকুৰ সন্মুখৰেই এইদৰে নৈশ যাত্ৰীবাহী বাছবোৰে কেনেকৈ অত্যধিক সামগ্ৰী বোজাই কৰি চলাচল কৰিব পাৰে সেয়া ৰহস্যজনক বিষয়। নিমাত পৰিবহণ বিভাগ ৷ ক্ষোভ উজাৰিলে যাত্ৰীয়ে ।

বিভিন্ন স্থানৰ পৰা অহা ৪ খন এম্বুলেঞ্চত চিকিৎসালয়ত পথোৱা হয় আহত যাত্ৰীসকলক ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাছৰ চালক আৰু পৰিচালকে । একাংশ যাত্ৰীয়ে বাছত টিকট নিদিয়াৰো অভিযোগ তোলে।

Comments (0)
Add Comment