প্ৰেমিকালৈ অনা বাৰ্গাৰ খালে বন্ধুৱে। খঙতে বন্ধুকে হত্যা কৰিলে প্ৰেমিকে

আনৰ খাদ্যত চকু দিয়াৰ শাস্তি মৃত্যু! প্ৰেমিকাৰ বাবে অনা বাৰ্গাৰ খোৱাৰ বাবে বন্ধুৱে গুলীয়ালে বন্ধুক। দেনিয়াল নজীৰ মীৰ বাহাৰ নামৰ যুৱকজনে নিজৰ লগতে প্ৰেমিকাৰ বাবে অৰ্ডাৰ কৰিছিল দুটাকৈ জিঞ্জাৰ বাৰ্গাৰ। সেইসময়তে দেনিয়ালৰ ঘৰত উপস্থিত আছিল বন্ধু আলী কেৰিয়ো। দেনিয়ালে অৰ্ডাৰ কৰা বাৰ্গাৰ দেখি লোভ সম্বৰণ কৰিব নোৱাৰিলে আলীয়ে। বন্ধুক নজনোৱাকৈ প্ৰেমিকাৰ ভাগৰ বাৰ্গাৰৰ আধা অংশ খালে আলীয়ে। ইয়াকে দেখি ক্ষোভিত হৈ পৰে দেনিয়াল। বাৰ্গাৰ খোৱাক লৈ প্ৰথমে দুয়োৰে মাজত সৃষ্টি হয় কাজিয়াৰ। শেষত দানিয়ালে নিৰাপত্তাৰক্ষীৰ এছল্ট ৰাইফল লৈ ১৭ বছৰীয়া আলীৰ ওপৰত গুলীচালনা কৰে। উল্লেখ্য অভিযুক্ত দেনিয়াল অৱসৰপ্ৰাপ্ত SSB  আহমদ মীৰ বাহাৰৰ পুত্ৰ।  গুলীবিদ্ধ আলীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ হয় যদিও আদবাটত মৃত্যু হয়। এই ঘটনাটোৰ পিছত অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। যোৱা ৮ ফেব্ৰুৱাৰীত পাকিস্তানৰ কৰাচীত সংঘটিত হৈছে এই ঘটনা। এই ঘটনাই স্বাভাৱিকতে আচৰিত কৰিছে সকলোকে।

Comments (0)
Add Comment