আৰক্ষীৰ জিম্মাতে চৰম সিদ্ধান্ত ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰে জড়িত অভিযুক্তৰ!

বলীউদৰ জনপ্ৰিয় অভিনেতা ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনাৰে নাম সাঙোৰ খোৱা এজন অভিযুক্তই আৰক্ষীৰ লকআপত আত্মহত্যাৰ চেষ্টা চলাইছে।

তথ্য অনুসৰি আত্মহত্যাৰ চেষ্টা কৰা অভিযুক্তৰ নাম অনুজ থাপন। সংকটজনক অৱস্থাত থাপনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

অৱশ্যে এই পৰ্যন্ত মুম্বাই আৰক্ষীৰ তৰফৰ পৰা কোনো আনুষ্টানিক বিবৃতি প্ৰকাশ কৰা নাই।

জানিব পৰা মতে, এই গোচৰৰ অভিযুক্তসকলক সোধা-পোছাৰ বাবে মুম্বাই আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অৱস্থিত ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত ৰখা হৈছিল।

ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়তে আত্মহত্যাৰ চেষ্টা চলাইছিল অনুজ থাপনে। ছলমান খানৰ বাসগৃহ গেলেক্সী এপাৰ্টমেণ্টৰ বাহিৰত গুলীচালনাৰ বাবে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ অভিযোগত ২৬ এপ্ৰিলত আৰক্ষীয়ে দুগৰাকী অভিযুক্তক পঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ কৰি মুম্বাইলৈ লৈ আহিছিল।

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দুজনৰ এজনক ছনু সুভাষ চন্দৰ আৰু আনজনক অনুজ থাপন বুলি চিনাক্ত কৰা হৈছিল। ইয়াৰে অনুজ থাপনে ট্ৰাকৰ সহায়ক হিচাপে কাম কৰিছিল। সুভাষ জড়িত আছিল খেতি-বাতিৰ কামত।

অনুজৰ বিৰুদ্ধে বহু আগৰে পৰা বিভিন্ন অপৰাধত লিপ্ত থকাৰ লগতে লৰেঞ্চ বিষ্ণোই গেঙৰ সৈতে জড়িত থকাৰো অভিযোগ আছিল।

দুয়োজনে ১৫ মাৰ্চত পানভেলত দুটা পিষ্টল ডেলিভাৰী কৰিছিল। এই গোচৰৰ তদন্ত চলাই থকা মুম্বাই ক্ৰাইম ব্ৰাঞ্চে পঞ্জাৱৰ পৰা আক্ৰমণকাৰীক বন্দুক যোগান ধৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল। দুয়োকে চিনাক্ত কৰাৰ লগে লগে আৰক্ষীয়ে চুৰাটৰ টাপি নদীৰ পৰা দুটা পিষ্টল, ৪টা মেগজিন আৰু ১৭টা কাৰ্টিজ উদ্ধাৰ কৰে।

উল্লেখ্য যে, ১৪ এপ্ৰিলৰ পুৱা মুম্বাইৰ বান্দ্ৰা অঞ্চলৰ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰত দুজন লোকে গুলীচালনা কৰিছিল। এই এপাৰ্টমেণ্টতে বাস কৰে ছলমান খানে। এই ঘটনাৰ মূল অভিযুক্ত হ’ল গুজৰাটৰ সাৱৰমতী জেইলত বন্দী হৈ থকা গেংষ্টাৰ লৰেঞ্চ বিষ্ণোই আৰু তেওঁৰ কনিষ্ঠ ভাতৃ অনমোল বিষ্ণোই।

এই গুলীচালনাৰ ঘটনাৰ পিছতেই অনমোল বিষ্ণোইয়ে ফেইচবুকৰ জৰিয়তে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। 

Comments (0)
Add Comment