পুনৰ এবাৰ বাতৰিৰ শিৰোণামত শিখ বিচ্ছিন্নতাবাদী নেতা গুৰপতৱন্ত সিং পান্নুন। এইগৰাকী খালিস্তানী উগ্ৰপন্থীক ভাৰতীয় চোৰাংচোৱা বিষয়াৰ তত্বাৱধানত হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি দাবী কৰিছে আমেৰিকাৰ বাতৰি কাকত ৱাশ্বিংটন পোষ্টে।
ৱাশ্বিংটন পোষ্টৰ এই দাবীক সম্পূৰ্ণৰূপে নাকচ কৰিছে ভাৰতে। একে সময়তে এই সমগ্ৰ বিতৰ্ক সন্দৰ্ভত আমেৰিকাইও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই বিষয়ত ভাৰত চৰকাৰৰ পৰা যথোচিত উত্তৰ পাব বুলি আশা প্ৰকাশ কৰিছে আমেৰিকাই।
দৰাচলতে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ দৈনিক সংবাদমেলত গুৰপতৱন্ত সিং পান্নুক হত্যাৰ ষড়যন্ত্ৰক সন্দৰ্ভত প্ৰকাশ পোৱা বাতৰিক সন্দৰ্ভত এটা প্ৰশ্ন উত্থাপন হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে এই বক্তব্য প্ৰদান কৰে মন্ত্ৰালয়ৰ প্ৰধান উপ-মুখপাত্ৰ বেদান্ত পেটেলে।
উল্লেখ্য যে, ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে ভাৰতীয় চোৰাংচোৱা সংস্থা ‘ৰিচাৰ্চ এণ্ড এনালাইছিছ উইং’ (RAW)ৰ এজন বিষয়াৰ তত্বাৱধানত যোৱা বছৰ আমেৰিকাৰ মাটিত এজন খালিস্তানী বিচ্ছিন্নতাবাদীক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল।
পান্নুনক হত্যাৰ ষড়যন্ত্ৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত বেদান্ত পেটেলে কয়, ‘ভাৰতীয় তদন্ত সমিতিৰ কামৰ ফলাফলৰ ভিত্তিত ভাৰত চৰকাৰৰ পৰা জবাবদিহিতা আশা কৰোঁ। আমি তেওঁলোকৰ সৈতে নিৰন্তৰ ঘনিষ্ঠভাৱে কাম কৰি আছো। লগতে অতিৰিক্ত তথ্যও সংগ্ৰহ কৰি আছে’।
তেওঁ কয়, ‘আমি ভাৰত চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ আগত আমাৰ উদ্বেগ প্ৰকাশ কৰিম, কিন্তু ইয়াৰ বাহিৰে মই ইয়াৰ বিষয়ে অধিক আলোচনা কৰিব নিবিচাৰো’।
ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদনত পান্নুনৰ বিষয়ে কি কোৱা হৈছিল?
আমেৰিকাৰ বাতৰি কাকত ৱাশ্বিংটন পোষ্টে নাম প্ৰকাশ নকৰা সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা প্ৰতিবেদনত ভাৰতে গুৰপতৱন্ত সিং পান্নুক হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে যোৱা বছৰ RAW বিষয়া বিক্ৰম যাদৱে পান্নুনক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। এই অভিযান চলাবলৈ বিক্ৰমে ‘হিট টিম’ প্ৰস্তুত কৰিছিল আৰু ইয়াক কোৱা হৈছিল যে প্ৰধান লক্ষ্য পান্নুন।
প্ৰতিবেদন অনুসৰি, বিক্ৰমে এই হত্যাকাণ্ড সংঘটিত কৰিবলৈ যোৱা লোকসকলক পান্নুনৰ নিউয়ৰ্কৰ ঘৰৰ ঠিকনাকে ধৰি তেওঁৰ সকলো বিতং তথ্য প্ৰদান কৰিছিল।
ৱাশ্বিংটন পোষ্টৰ এই দাবীৰ পূৰ্বেই আমেৰিকাইও ২০২২ চনৰ নৱেম্বৰ মাহত পান্নুনৰ হত্যাকাণ্ডৰ সৈতে ভাৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল। অৱশ্যে সেই আক্ৰমণ বিফল হৈছিল। সেই সময়ত আমেৰিকাইও ভাৰতক সকীয়াই দিছিল।
ভাৰতে অস্বীকাৰ কৰিছে ৱাশ্বিংটন পোষ্টৰ এই দাবী
মঙলবাৰে (৩০ এপ্ৰিল) ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদনত পান্নুনক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ সন্দৰ্ভত ভাৰতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নতুন দিল্লীয়ে এই প্ৰতিবেদনক অন্যায় আৰু অপ্ৰমাণিত বুলি অভিহিত কৰিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, ‘আমেৰিকা চৰকাৰে সংগঠিত অপৰাধী, সন্ত্ৰাসবাদী আৰু অন্যান্যৰ নেটৱৰ্কক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। এই সন্দৰ্ভত ভাৰত চৰকাৰে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিছিল, যিয়ে তদন্ত কৰি আছে। এই ঘটনা সন্দৰ্ভত দায়িত্বজ্ঞানহীন মন্তব্য উপযুক্ত নহয়’।
উল্লেখ্য যে, ব্ৰিটিছ কলম্বিয়াত ১৮ জুনত খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডত ভাৰতীয় এজেণ্টৰ “সম্ভাৱ্য” জড়িততা বুলি ছেপ্টেম্বৰ মাহত কানাডাৰ প্ৰধানমন্ত্ৰীয়ে দাবী কৰাৰ কেইসপ্তাহমানৰ পিছতে পান্নুনক হত্যাৰ ব্যৰ্থ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছিল।