IPL-ৰ আটাইকেইটা দলৰ বাবে বেয়া খবৰ; প্লে অফত দেখা নাপাব এইখন দেশৰ খেলুৱৈক

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ আটাইকেইটা ফ্ৰেঞ্চাইজি অৰ্থাত ১০টা দলৰ বাবে আহিছে এক বেয়া খবৰ। লীগ মেচৰ সমাপ্তিৰ পিছতেই হ’বলগীয়া প্লে অফৰ মেচ সমূহত দেখা পোৱা নাযাব ইংলেণ্ডৰ কেইবাগৰাকীও তাৰকাক।

প্লে অফৰ মেচসমূহত উপলব্ধ নাথাকিব জোছ বাটলাৰ, ছেম কাৰান, মঈন আলীৰ লগতে ছল্টৰ দৰে কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰ।

ইংলেণ্ড ক্ৰিকেট ব’ৰ্ড চমুকৈ ই চি বিয়ে এইসকল খেলুৱৈক আই পি এল প্লে অফ খেলাৰ অনুমতি দিয়া নাই। টি-২০ বিশ্বকাপ ২০২৪ৰ প্ৰতি লক্ষ্য ৰাখি ব’ৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে, আই পি এলৰ চলিত ছিজনৰ সমাপ্তিৰ পিছতেই অনুষ্ঠিত হ’ব আই চি চি টি-২০ বিশ্বকাপ ২০২৪। এনে পৰিস্থিতিত প্ৰতিখন দেশেই নিজৰ খেলুৱৈৰ ফিটনেছ আৰু অনুশীলনৰ সময় কম হোৱাৰ বাবে চিন্তিত হৈ পৰিছে।

এই সমূহ দিশৰ প্ৰতি লক্ষ্য ৰাখি ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে নিজৰ খেলুৱৈসকলক প্লে অফৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে যাতে তেওঁলোকে বিশ্বকাপৰ দৰে আগশাৰীৰ প্ৰতিযোগিতাখনৰ বাবে ভালকৈ প্ৰস্তুতি চলাব পাৰে।

উল্লেখ্য যে, বাটলাৰ, ছল্ট, কাৰান আদিৰ দৰে খেলুৱৈয়ে যথেষ্ট উজ্জীৱিত প্ৰদৰ্শন কৰি আছে। এনে পৰিস্থিতিত এইসকল ক্ৰিকেটাৰৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিব প্লে অফলৈ যোগ্যতা অৰ্জন কৰা দলসমূহে।

Comments (0)
Add Comment