২৫ গৰাকী ধুনীয়া ছোৱালীৰে গঠিত ‘প্লেজাৰ স্কোৱাড’! স্বেচ্ছাচাৰী শাসক কিম জং উনৰ বিৰুদ্ধে চাঞ্চল্যকৰ তথ্য

উত্তৰ কোৰিয়াৰ পৰা পলায়ন কৰা ইয়নমি পাৰ্ক নামৰ এগৰাকী যুৱতীয়ে দেশখনৰ মুৰব্বী কিম জং উনৰ বিষয়ে চাঞ্চল্যকৰ কথা প্ৰকাশ কৰিছে। মিৰ’ৰৰ এক প্ৰতিবেদন অনুসৰি, পাৰ্ক নামৰ যুৱতীগৰাকীয়ে দাবী কৰিছে যে স্বেচ্ছাচাৰী শাসক কিম জং উনে প্ৰতি বছৰে ২৫ গৰাকী কুমাৰী ছোৱালীক তেওঁৰ “প্লেজাৰ স্কোৱাড” (যৌন ইচ্ছা পূৰণ)ৰ বাবে বাছি লয়।

ছোৱালীসকলক তেওঁলোকৰ চেহেৰা আৰু ৰাজনৈতিক আনুগত্যৰ ওপৰত ভিত্তি কৰি বাছনি কৰি লোৱা হয় বুলিও তেওঁ প্ৰকাশ কৰে।

তেওঁ আৰু প্ৰকাশ কৰে যে কিমৰ ”প্লেজাৰ স্কোৱাড”ৰ প্ৰাৰম্ভিক তালিকাত তেওঁক দুবাৰকৈ বিবেচনা কৰা হৈছিল যদিও পৰিয়ালৰ মৰ্যাদাৰ বাবে তেওঁক নিৰ্বাচিত কৰা হোৱা নাছিল।

যুৱতীগৰাকীয়ে কয়, ‘তেওঁলোকে প্ৰতিটো শ্ৰেণীকোঠালৈ গৈ ধুনীয়া ছোৱালীবোৰক বাছনি কৰে। ইয়াৰ পিছত তেওঁলোকে ছোৱালীবোৰৰ পাৰিবাৰিক মৰ্যাদা আৰু ৰাজনৈতিক মৰ্যাদা পৰীক্ষা কৰে। তেওঁলোকে উত্তৰ কোৰিয়াৰ পৰা পলায়ন কৰা পৰিয়ালৰ সদস্য থকা যিকোনো ছোৱালীক বা দক্ষিণ কোৰিয়া বা অন্য দেশত আত্মীয় থকা যিকোনো ছোৱালীক এই বাছনিৰ পৰা আঁতৰত ৰাখে।‘

যুৱতীগৰাকীয়ে দাবী কৰে যে ছোৱালীকেইজনীক এবাৰ বাছনি কৰাৰ পিছত তেওঁলোকক কুমাৰী হোৱাটো নিশ্চিত কৰিবলৈ চিকিৎসকৰ দ্বাৰ পৰীক্ষা কৰাই লোৱা হয়। পৰীক্ষাৰ সময়ত যদি ছোৱালীবোৰৰ শৰীৰত কিবা সৰু বিসংগতিও ধৰা পৰে তেন্তে তেওঁলোকক অযোগ্য বুলি ঘোষণা কৰে।

এই কঠোৰ পৰীক্ষাৰ অন্তত সমগ্ৰ উত্তৰ কোৰিয়াৰ পৰা মাত্ৰ কেইগৰাকীমান ছোৱালীকহে পিয়ংইয়াঙলৈ পঠিওৱা হয়। একনায়কত্ববাদীজনৰ ইচ্ছা পূৰণ কৰাটোৱে হৈ পৰে এইসকল ছোৱালীৰ প্ৰধান কাম তথা কৰ্তব্য।

এই দলটোক তিনিটা সুকীয়া গোটত বিভক্ত কৰা হয়, এটা গোটক মালিচৰ প্ৰশিক্ষণ দিয়া হয় আৰু আনটোক গীত আৰু নৃত্য পৰিবেশনৰ প্ৰশিক্ষণ দিয়া হয়। ইফালে তৃতীয় গোটটোৱে একনায়কত্ববাদী আৰু আন পুৰুষৰ সৈতে যৌন মিলনত লিপ্ত হ’বলগীয়া হয়।

‘তেওঁলোকে একনায়কত্ববাদীৰ লগতে আন শীৰ্ষ পদবীধাৰী পুৰুষৰ সৈতে যৌন মিলনত লিপ্ত হ’ব লাগিব। এই পুৰুষসকলক কেনেকৈ সন্তুষ্ট কৰিব পাৰি সেইটো শিকাটোৱে তেওঁলোকৰ একমাত্ৰ লক্ষ্য হ’ব লাগিব’, যুৱতী পাৰ্কে এইদৰে কয়।

আটাইতকৈ দেখাত ধুনীয়া ছোৱালীবোৰক নিজেই একনায়কত্ববাদীৰ সেৱা কৰিবলৈ বাছনি কৰি লয়, আন কিছুমানক নিম্ন পদবীৰ সেনাপতি আৰু ৰাজনীতিবিদক সন্তুষ্ট কৰিবলৈ নিযুক্তি দিয়া হয়।

প্ৰতিবেদনত আৰু কোৱা হৈছে যে দলটোৰ সদস্যসকলে ২০ বছৰত ভৰি দিয়াৰ লগে লগে তেওঁলোকৰ কাৰ্যকালৰ অন্ত পৰে। ইয়াৰে কিছুমানে প্ৰায়ে নেতাৰ দেহৰক্ষীৰ লগত বিবাহপাশত আবদ্ধ হয়।

ছোৱালীজনীয়ে ব্যাখ্যা কৰে যে এই “প্লেজাৰ স্কোৱাড”ৰ উৎপত্তি ১৯৭০ চনৰ কিম জং উনৰ পিতৃ কিম জং-দ্বিতীয়ৰ যুগৰ পৰা। যৌন মিলনে অমৰত্ব প্ৰদান কৰাৰ বিশ্বসতেই প্লেজাৰ স্কোৱাডৰ জন্ম দিছিল।

Comments (0)
Add Comment