মৰ্মান্তিক; বেকী নৈত সন্ধানহীন তিনি যুৱক, এজনৰ মৃতদেহ উদ্ধাৰ

বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী নাৰায়নগুৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা। বেকী নৈত সন্ধানহীন হৈ পৰিছে দুই ভাই-ককাইসহ তিনিজন যুৱক। ইয়াৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে।

বাঁ‌হবাৰী আৰক্ষী চকীৰ অন্তৰ্গত নাৰায়নগুৰীৰ বেকী নৈত সংঘটিত এই ঘটনাত দুজন যুৱক এতিয়াও সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।

মৃতদেহ উদ্ধাৰ হোৱা যুৱকজন বৰপেটা ৰোডৰ ৰাজ সাহা বুলি চিনাক্ত কৰা হৈছে। সন্ধানহীন যুৱকদ্বয় বৰপেটা ৰোডৰ অভিজিৎ কৰ্মকাৰ আৰু দ্বীপ সাহা। ইয়াৰে ৰাজ সাহা আৰু দ্বীপ সাহা সম্বন্ধত দুই ভাই-ককাই।

জানিব পৰা মতে, বুধবাৰে সন্ধিয়া AS 15 L 5825 নম্বৰৰ ইয়ন বাহনেৰে আহিছিল নাৰায়নগুৰীৰ বেকী নৈৰ পাৰত। নিশা বাহনখনত উদ্ধাৰ হৈছিল মোবাইল ফোন, কাপোৰ আৰু চেণ্ডেল।

নিশাই স্থানীয় ৰাইজৰ সহযোগত বাঁ‌হবাৰী আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই যদিও যুৱক তিনিজনৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়।

আজি পুৱা পুনৰ সন্ধান অভিযান চলোৱাত ৰাজ সাহাৰ মৃতদেহ বেকী নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ হয়।

কেনেদৰে এই মৰ্মান্তিক ঘটনা সংঘটিত হ’ল এতিয়ালৈ স্পষ্ট হোৱা নাই যদিও গা ধুব যোৱাৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে সন্ধানহীন যুৱকদ্বয়ক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। শেহতীয়াকৈ অহা খবৰ অনুসৰি অভিজিৎ কৰ্মকাৰ আৰু দ্বীপ সাহাৰ মৃতদেহো উদ্ধাৰ কৰা হৈছে।

Comments (0)
Add Comment