বিশ্বকাপৰ পূৰ্বে অৱসৰ ঘোষণা নিউজিলেণ্ডৰ এইগৰাকী বেটছমেনৰ

নিউজিলেণ্ডৰ বেটছমেন কলিন মুনৰোৱে ১২৩খন আন্তঃৰাষ্ট্ৰীয় মেচৰ কেৰিয়াৰক বিদায় জনোৱাৰ সিদ্ধান্ত লৈছে। ২ জুনৰ পৰা আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপত স্থান লাভ নকৰাৰ পিছতে ৩৭ বছৰীয়া মুনৰোৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বৰ দুটা টি-২০ বিশ্বকাপত মুনৰো নিউজিলেণ্ড দলৰ অংশ আছিল। কিন্তু এইবাৰ দলে তেওঁক টি-২০ বিশ্বকাপ দলত স্থান দিয়া নাই।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰক বিদায় জনালেও বিভিন্ন দেশৰ টি-২০ লীগসমূহ খেলি যাব বুলিও তেওঁ জনায়।

২০২০ চনত ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পঞ্চমখন মেচত শেষবাৰৰ বাবে নিউজিলেণ্ডৰ জাৰ্চিত দেখা গৈছিল বাঁওহতীয়া বেটছমেনগৰাকীক। মুনৰোৱে ৬৫খন টি-২০, ৫৭ খন এদিনীয়া আৰু এখন টেষ্টত নিউজিলেণ্ড দলক প্ৰতিনিধিত্ব কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত মুনৰোৱে ৩ হাজাৰতকৈ অধিক ৰান সংগ্ৰহ কৰাৰ লগতে ৭টা উইকেটো দখল কৰে।

টি-২০ আন্তঃৰাষ্ট্ৰীয়ত নিউজিলেণ্ডৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত ষষ্ঠ স্থানত আছে মুনৰো। আন্তঃৰাষ্ট্ৰীয় টি-২০ত তিনিটা শতক অৰ্জন কৰা মুনৰোৰ নামত আছে ১৭২৪ ৰান।

Comments (0)
Add Comment