নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সংৰক্ষণ আৰু সংবিধান সন্দৰ্ভত কংগ্ৰেছ দলে মিথ্যাচাৰৰ প্ৰশ্ৰয় লোৱা বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ধৰ্মৰ ভিত্তিত সংৰক্ষণ বাবাচাহেব আম্বেদকাৰ বিৰোধী বুলি কয়।
মহাৰাষ্ট্ৰৰ নন্দুৰবাৰত আয়োজিত এখন জনসভাত ভাষণ প্ৰদান কৰি মোদীয়ে কয় যে মোদী যেতিয়ালৈকে জীয়াই থাকে, ধৰ্মৰ ভিত্তিত SC-ST-OBCৰ সংৰক্ষণ হ’ব নিদিওঁ।
সংৰক্ষণৰ বিষয়ত বিৰোধীক চোকা বাক্যবাণেৰে সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে সকলো মুছলমানক অ’বিচি শিতানত অন্তৰ্ভুক্ত কৰি ৰাতিটোৰ ভিতৰতে সংৰক্ষণ দিলে। আপোনাৰ কোটা কাঢ়ি লৈ মুছলমানক দিয়াটোৱেই হৈছে কংগ্ৰেছৰ গোপন এজেণ্ডা। যেতিয়ালৈকে মই জীয়াই আছো তেতিয়ালৈকে মই ধৰ্মৰ ভিত্তিত মুছলমানক সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ নিদিওঁ। ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ সুবিধা প্ৰদান কৰাটো আমাৰ সংবিধানত সন্নিৱিষ্ট মূল্যবোধ আৰু নীতি বিৰুদ্ধ’।
এই জনসভাতে প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে কেতিয়াও জনজাতীয় সমাজক সন্মান নিদিলে আৰু দিবলৈও নিদিলে। জনজাতীয় বিপ্লৱীসকলে স্বাধীনতা সংগ্ৰামত ইমানবোৰ ত্যাগ কৰিছিল যদিও এই বলিদান গ্ৰহণ কৰিবলৈ তেওঁলোক সাজু নহয়। সমগ্ৰ স্বাধীনতা সংগ্ৰামৰ কৃতিত্ব কংগ্ৰেছে মাত্ৰ এটা পৰিয়ালকহে দিয়ে।
দেশৰ উন্নয়নত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে বুলি কংগ্ৰেছে জানি বুজি দেশৰ জনতাৰ আগত মিথ্যাচাৰৰ আশ্ৰয় লৈছে বুলিও কংগ্ৰেছক কটাক্ষ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।