বিগত ৫১ দিনৰ পৰা কাৰাগাৰত বন্দী হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন। আজি উচ্চতম ন্যায়ালয়ে ২১ দিনৰ বাবে জামিন প্ৰদান কৰে কেজৰিৱালক।
২১ মাৰ্চত সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীজন। ইডিৰ তীব্ৰ বিৰোধিতা সত্ত্বেও দিল্লীৰ মুখ্যমন্ত্ৰীক জামিন মঞ্জুৰ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। অৱশ্যে অহা ২ জুনত আদালতত আত্মসমৰ্পণ কৰিব লাগিব কেজৰিৱালে।
জামিন প্ৰদান কৰি কি ক’লে সৰ্বোচ্চ ন্যায়ালয়ে…
১. আমি অৰবিন্দ কেজৰিৱালক ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছো। অৱশ্যে কেজৰিৱালে জুলাইলৈকে সময় বিচাৰিছিল যদিও আদালতে নাকচ কৰি ১ জুনলৈকে সময় দিয়ে।
২. জামিনৰ বিৰোধ কৰা ইডিক আদালতে কয় যে যদি অৰবিন্দ কেজৰিৱালক ডেৰ বছৰ ধৰি গ্ৰেপ্তাৰ কৰা হোৱা নাছিল তেন্তে ২১ দিনত একো সাল-সলনি নহয়। আদালতে কয় যে তেওঁক বহু পূৰ্বেই গ্ৰেপ্তাৰ কৰিব পৰা গ’লহেঁতেন।
৩. আদালতে কয় যে আমি কোনো উমৈহতীয়া ৰেখা আঁকিব নালাগে। মাৰ্চ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল কেজৰিৱালক। তেওঁৰ গ্ৰেপ্তাৰ পূৰ্বতে বা পিছত হ’ব পাৰিলেহেঁতেন। এতিয়া ২১ দিন ইফাল-সিফালত কোনো পাৰ্থক্য নাথাকে।
৪. আদালতে ইডিৰ সকলো যুক্তি নাকচ কৰি কয় যে হাতত ডেৰ বছৰৰ সময় আছিল। ২০২২ চনৰ আগষ্ট মাহত এই এফআইআৰ ৰুজু হৈছিল। নিৰ্বাচনৰ পূৰ্বে বা পিছতো কেজৰিৱালক গ্ৰেপ্তাৰ কৰিব পাৰিলেহেঁতেন।
৫. কেজৰিৱালে জুলাইলৈকে জামিন বিচাৰিছিল যদিও আদালতে স্পষ্টভাৱে নাকচ কৰে। ইয়াৰ পিছতে কেজৰিৱাল পক্ষই ৫ জুনলৈ জামিন বিচাৰে, কিন্তু সেই দাবীকো পোনচাটেই নাকচ কৰে আদালতে।
৬. জামিন প্ৰদান কৰি আদালতে স্পষ্টভাৱে কয় যে অহা ২ জুনত আদালতত আত্মসমৰ্পণ কৰিব লাগিব কেজৰিৱালে।