এখন মেচৰ বাবে নিষেধাজ্ঞা ঋষভ পন্তক; দিল্লী কেপিটেলছৰ শিৱিৰত হাহাকাৰ!

অত্যন্ত গুৰুত্বপূৰ্ণ মেচৰ পূৰ্বে দিল্লী কেপিটেলছত মোক্ষম আঘাত। শ্ল’ অভাৰ ৰেট পেনাল্টিৰ বাবে এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে দিল্লীৰ অধিনায়ক ঋষভ পন্তক।

এই কঠোৰ পদক্ষেপৰ বাবে তেওঁ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে খেলিব নোৱাৰিব। প্লে অফৰ দৃষ্টিকোণৰ পৰা এই মেচখন অত্যন্ত গুৰুত্বূপৰ্ণ আৰু পন্তৰ ওপৰত লগা নিষেধাজ্ঞা দিল্লীৰ বাবে ডাঙৰ আঘাত।

উল্লেখ্য যে যোৱা মঙলবাৰে দিল্লীক শ্ল’ অভাৰ ৰেটৰ দোষী সাব্যস্ত কৰা হৈছিল, যাৰ বাবে দিল্লী কেপিটেলছৰ অধিনায়কক শাস্তি দিয়া হৈছে। পন্তে ইতিমধ্যে চলিত ছিজনত দুবাৰকৈ শ্ল’ অভাৰ ৰেটৰ বাবে জৰিমনা ভৰিবলগীয়া হৈছিল।

আই পি এলৰ আচৰণ বিধি অনুসৰি কোনো মেচত যদি দলৰ অধিনায়কজনক শ্ল’ অভাৰ ৰেটত দোষী সাব্যস্ত কৰা হয় তেন্তে মেচ ফীজৰ ৫০ শতাংশ বা ১২ লাখ টকা জৰিমনা ভৰিব লাগে।

আনহাতে, যদি দ্বিতীয়বাৰৰ বাবেও অধিনায়কগৰাকী শ্ল’ অভাৰ ৰেটত দোষী সাব্যস্ত হয় তেন্তে ২৪ লাখ টকা জৰিমনা হিচাপে দিব লাগে। নিয়ম অনুসৰি যদি কোনো দলে তৃতীয়বাৰৰ বাবে এই দোষত দোষী সাব্যস্ত হয় তেন্তে অধিনায়কজনে ৩০ লাখ টকাৰ জৰিমনা আৰু এখন মেচ নিষেধাজ্ঞাৰ সন্মুখীন হয়।

Comments (0)
Add Comment