POK ঘূৰাই অনা আৰু UCC কাৰ্যকৰী কৰিবলৈ বিজেপিক ৪০০ৰো অধিক আসনৰ প্ৰয়োজন: মুখ্যমন্ত্ৰী শৰ্মা

ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ অভিন্ন দেৱানী বিধি কাৰ্যকৰী, মথুৰাৰ কৃষ্ণ জন্মভূমিত মন্দিৰ নিৰ্মাণ আৰু পাকিস্তান অধিকৃত কাশ্মীৰ (পি অ’ কে) পুনৰ ঘূৰাই অনাৰ বাবে বিজেপি মিত্ৰজোঁটে এইবাৰৰ লোকসভা নিৰ্বাচনত ৪০০ ৰো অধিক আসন জয়ী হোৱাৰ প্ৰয়োজন। শনিবাৰে এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ সপক্ষে বিহাৰৰ বেগুছৰাইত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণ দি শৰ্মাই কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহক পি অ’ কে সন্দৰ্ভত “প্ৰশ্ন উত্থাপন কৰা” বুলি সমালোচনা কৰি কয়, ‘আমি (এন ডি এ) এই নিৰ্বাচনত ৪০০ৰো অধিক আসনত জয়ী হোৱাৰ কথা কিয় কৈ আছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মিত্ৰজোঁটে দেশত ইউ চি চি কাৰ্যকৰী কৰিবলৈ, মথুৰাৰ কৃষ্ণ জন্মভূমিত এটা মন্দিৰ নিৰ্মাণ আৰু ভাৰতৰ অংগ পি অ’ কে ঘূৰাই অনাটো নিশ্চিত কৰিবলৈ ৪০০ৰো অধিক আসন লাভ কৰিব লাগিব’।

তেওঁ অভিযোগ কৰি কয়, ‘তেওঁলোকে (কংগ্ৰেছ মিত্ৰজোঁটৰ নেতাসকলে) তুষ্টিকৰণৰ ৰাজনীতিত লিপ্ত হৈছে আৰু পাকিস্তানক সমৰ্থন কৰা বিষয় উত্থাপন কৰিছে। শেহতীয়াকৈ কংগ্ৰেছ নেতা মণি শংকৰ আয়াৰে কৈছিল যে ভাৰতে পি অ’ কেৰ বিষয়টো উত্থাপন কৰিব নালাগে আৰু পাকিস্তানক সন্মান কৰিব লাগে কাৰণ তেওঁলোকৰ হাতত পাৰমাণৱিক বোমা আছে। পাকিস্তানৰ হাতত পাৰমাণৱিক বোমা থাকিলেও মই নিশ্চিত যে ইয়াৰ ম্যাদ উকলি গৈছে’৷

মুখ্যমন্ত্ৰী শৰ্মাই লগতে ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ অভিযোগ তুলি কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে।

OBC-SC-STক দিয়া সংৰক্ষণ ৰক্ষা কৰিবলৈ বিজেপি নেতৃত্বাধীন মিত্ৰঁজোটে চলিত লোকসভা নিৰ্বাচনত ৪০০ৰো অধিক আসন লাভ কৰাটো প্ৰয়োজন বুলিও দোহাৰে মুখ্যমন্ত্ৰী শৰ্মাই।

Comments (0)
Add Comment