গুৱাহাটীৰ পৰা দুই সন্দেহযুক্ত বাংলাদেশী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

সোমবাৰে গুৱাহাটীত আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ দুই সন্দেহযুক্ত বাংলাদেশী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয়। গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা আৰক্ষীৰ বিশেষ শাখাই দুয়োজনকে গ্ৰেপ্তাৰ কৰে।

অসম আৰক্ষীৰ বিশেষ শাখাৰ সূত্ৰৰ মতে, বিশ্বাসযোগ্য চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ লগে লগে আনছাৰুল্লাহ বাংলা টিমৰ (এবিটি) সংযুক্ত সংস্থাৰ দুজন সন্দেহযুক্ত কেডাৰক গ্ৰেপ্তাৰ কৰা হয়।

তথ্য অনুসৰি এই কেডাৰসকল বাংলাদেশৰ নাগৰিক আৰু পাছপ’ৰ্ট অবিহনে অবৈধভাৱে ভাৰতত বাস কৰি আছিল। তেওঁলোকৰ পৰা আধাৰ, পেন কাৰ্ডকে ধৰি বহু নথি-পত্ৰ জব্দ কৰা হয়। যিবোৰ ভুৱা বুলি সন্দেহ কৰা হৈছে।

অসমৰ নিৰীহ মুছলমান যুৱক-যুৱতীক একগোট কৰি সন্ত্ৰাসবাদী কাৰ্যত লিপ্ত কৰোৱাৰ লক্ষ্যৰে দুয়োগৰাকী কেডাৰে গুৱাহাটী ভ্ৰমণ কৰিছিল। দুয়োজনে গুজৰাটৰ পৰা আহি গুৱাহাটীৰ পৰা শিলচৰলৈ যাত্ৰা কৰাৰ চেষ্টা কৰিছিল।

Comments (0)
Add Comment