ভাৰতীয় ফুটবলৰ এটা যুগৰ অন্ত! অৱসৰ ঘোষণা ভাৰতীয় কিংবদন্তি ফুটবলাৰ সুনীল ছেত্ৰীৰ

ভাৰতীয় ফুটবলৰ এটা যুগৰ অন্ত পৰিল। আৱেগিকভৰা ভিডিঅ’ প’ষ্টৰ জৰিয়তে দুই দশকজোৰা বৰ্ণিল কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে ভাৰতীয় ফুটবলৰ কিম্বদন্তী ছুনীল ছেত্ৰীয়ে।

অহা ৬ জুনত কুৱেইটৰ বিৰুদ্ধে কলকাতাত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ যোগ্যতা নিৰ্ণয়কাৰী মেচখনেই তেওঁৰ কেৰিয়াৰৰ অন্তিমখন মেচ হ’ব বুলি ঘোষণা কৰে।

বাইচুং ভুটীয়াৰ অৱসৰৰ পিছৰে পৰা ভাৰতীয় জাতীয় দলক নেতৃত্ব দি অহা সুনীল ছেত্ৰীয়ে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াযোগে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে নিজৰ সিদ্ধান্তৰ বিষয়ে ৰাজহুৱা কৰে।

৩৯ বছৰীয়া ছেত্ৰীয়ে অৱসৰৰ কথা ঘোষণা কৰি কয়, ‘কুৱেইটৰ বিৰুদ্ধে হ’ব মোৰ অন্তিম মেচ’।

উল্লেখ্য যে, মাৰ্চ মাহত দেশৰ হৈ ১৫০ সংখ্যক মেচ খেলিছিল ছেত্ৰীয়ে। আফগানিস্তানৰ বিৰুদ্ধে গুৱাহাটীত খেলা মেচখনত সুনীল ছেত্ৰীয়ে গ’ল কৰিবলৈ সক্ষম হৈছিল যদিও ভাৰতে মেচখন ১-২ ব্যৱধানত পৰাস্ত হৈছিল।

২০০৫ চনত আন্তঃৰাষ্ট্ৰীয় ফুটবলত অভিষেক ঘটা ছেত্ৰীয়ে দেশৰ হৈ ৯৪টা গ’ল দিছে। তেওঁ ভাৰতৰ সৰ্বকালৰ শীৰ্ষ গ’ল স্ক’ৰাৰ আৰু সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় মেচ খেলা খেলুৱৈ হিচাপে অৱসৰ গ্ৰহণ কৰিব।

সক্ৰিয় খেলুৱৈৰ ভিতৰত গ’লদাতাৰ তালিকাত ক্রিষ্টিয়ানো ৰোনাল্ডো আৰু লিঅ’নেল মেছিৰ পাছত তেওঁ তৃতীয় স্থানত আছে৷

ভিডিঅ’ বাৰ্তাটোত তেওঁ কয়, ‘সেই দিনটো মই কেতিয়াও পাহৰিব নোৱাৰো।  মোৰ মনত আছে যেতিয়া মই প্ৰথমবাৰৰ বাবে দেশৰ হৈ খেলিছিলো। অবিশ্বাস্য আছিল। এদিন পূৰ্বে ৰাতিপুৱা ভাৰতীয় দলৰ মোৰ প্ৰথম প্ৰশিক্ষক সুখী ছাৰ (সুখৱিন্দৰ সিং) মোৰ ওচৰলৈ আহিছিল আৰু কৈছিল যে তুমি খেলিবা। সেই সময়ত কেনেকুৱা লাগিছিল মই বুজাব নোৱাৰো’।

তেওঁ আৰু কয় যে ভাৰতীয় দলৰ হৈ খেলা প্ৰথমখন মেচৰ সকলো কথা পাহৰিব নোৱাৰা। ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰি দুপৰীয়াৰ আহাৰলৈকে, মোৰ প্ৰথমটো গ’ল আৰু ৮০ মিনিটত বিপক্ষই আমাক দিয়া গ’লটো, সেই দিনটো মই কেতিয়াও পাহৰিব নোৱাৰো আৰু সেইটো আছিল জাতীয় দলৰ সৈতে মোৰ যাত্ৰাৰ অন্যতম শ্ৰেষ্ঠ দিন।

নেহৰু কাপ (২০০৭, ২০০৯, ২০১২), দক্ষিণ এছিয়ান ফুটবল ফেডাৰেচন (ছাফ) চেম্পিয়নশ্বিপ (২০১১, ২০১৫, ২০২১)ত ভাৰতৰ খিতাপ জয়ৰ হোতা আছিল ছেত্ৰী।

২০০৮ চনৰ এ এফ চি চেলেঞ্জ কাপ জয়তো তেওঁৰ ভূমিকা আছিল অন্যতম, যাৰ সহায়ত ভাৰতে ২৭ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে এ এফ চি এছিয়ান কাপ (২০১১) খেলাৰ সুযোগ লাভ কৰিছিল।

২০০২ চনত মোহন বাগানৰ হৈ ক্লাব ফুটবলত অভিষেক ঘটোৱা ছেত্ৰীয়ে ২০১০ চনত আমেৰিকাৰ মেজৰ লীগ ছকাৰ দল কানছাছ চিটি উইজাৰ্ডছৰ হৈ খেলিছিল আৰু ২০১২ চনত পৰ্তুগীজ ফুটবল দল স্প’ৰ্টিং চিপিৰ ৰিজাৰ্ভ দলত খেলিছিল।

এআইএফএফৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে সাতবাৰৰ সন্মান লাভ কৰা ছেত্ৰীয়ে ইষ্ট বেংগল, ডেম্পো, ইণ্ডিয়ান ছুপাৰ লীগৰ দল মুম্বাই চিটি এফচি আৰু বেংগালুৰু এফ চিৰ হৈ খেলিছিল। বেংগালুৰু এফ চিৰ সৈতে তেওঁ আই-লীগ, আই এছ এল, ছুপাৰ কাপৰ খিতাপ জয় কৰে।

Comments (0)
Add Comment