‘কংগ্ৰেছৰ চৰকাৰ আহিলে ৰাম মন্দিৰত চলিব বুলডজাৰ’

কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’লে ৰাম মন্দিৰত চলিব বুলডজাৰ। এই মন্তব্য কৰিছে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে কংগ্ৰেছ আৰু SPৰ চৰকাৰ গঠন হ’লে আকৌ টেণ্টত থাকিব লাগিব ৰামলালা। ভোটবেংকৰ বাবে ৰাম মন্দিৰৰ ওপৰত বুলডজাৰ চলাব কংগ্ৰেছে। যোগী আদিত্যনাথৰ পৰা এয়াই শিকিলে নেকি? ক’ত বুলডজাৰ চলাব লাগে যোগী আদিত্যনাথৰ পৰা টিউশ্যন ল’ব লাগে কংগ্ৰেছ-SP-এ। উত্তৰ প্ৰদেশৰ বাৰাবাংকী লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই এইদৰে বিৰোধীক কটাক্ষ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰচাৰ সভাত অংশ লৈ তেওঁ লগতে কয় যে NDA-এ দেশৰ হিতৰ বাবে নিজকে সমৰ্পণ কৰিছে আনহাতে, INDI মৰ্চাই  কেৱল দেশত অস্থিৰতাৰহে সৃষ্টি কৰে। লাহে লাহে INDI মৰ্চা তাচপাতৰ দৰে খহিবলৈ ধৰিছে বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে অহা ২০ মে’ত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে শাসক-বিৰোধীকে ধৰি সকলো ৰাজনৈতিক দলে নিজ নিজ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে।

Comments (0)
Add Comment