কলকাতাৰ বিৰুদ্ধে মেচৰ পূৰ্বে কমাখ্যা মন্দিৰ দৰ্শন কেশৱ মহাৰাজৰ

কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ পূৰ্বে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰ কেশৱ মহাৰাজে। মহাৰাজে পূজা-অৰ্চনা কৰাৰ লগতে মা দেৱীৰ আশীৰ্বাদ লয়।

দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰগৰাকীৰ মন্দিৰ দৰ্শনৰ ফটো ছ’চিয়েল মিডিয়াত খুউব ভাইৰেল হৈ পৰিছে। ফটোখনত কেশৱ মহাৰাজক মন্দিৰ পৰিসৰত হাতযোৰ কৰি থকা দেখা পোৱা গৈছে।

অহা ১৯ মে’ত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মেচ।

উল্লেখ্য যে, চলিত আই পি এল ছিজনত ৰাজস্থান ৰয়েলছৰ লগতে কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে প্লে অফলৈ কোৱিলফাই কৰিবলৈ সক্ষম হৈছে।

প্লে অফৰ বাবে এতিয়াও এটা স্থান নিশ্চিত হ’বলৈ বাকী আছে। এই স্থানটোৰ বাবে মূল দাবীদাৰ চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু।

বৰ্তমান ১৯ পইণ্টেৰে তালিকাৰ শীৰ্ষ স্থানত আছে শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছ। ১৬ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে ৰাজস্থান ৰয়েলছ।

Comments (0)
Add Comment