মোৰ বাবে দোৱা কৰিবা… মোক অপাৰেচনৰ বাবে লৈ গৈ আছে : যন্ত্ৰনাত ৰাখী চাৱন্ত
ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পুনৰ এবাৰ চৰ্চাৰ বিষয় হৈ পৰিছে বলিউডৰ ড্ৰামা কুইন ড্ৰামা কুইন ৰাখী ছাৱন্ত । সম্প্ৰতি instantbollywood নামৰ ইনষ্টাগ্ৰাম পেইজত আন এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছাৱন্তৰ।
https://www.instagram.com/reel/C7GY0pGvwpH/?utm_source=ig_web_copy_link
ভিডিঅ’ৰ পৰা জানিব পৰা গৈছে যে- তেওঁ হাস্পতালৰ বিছনাৰ পৰা ভিডিঅ’টো ৰেকৰ্ড কৰিছে। চাৰ্জাৰিৰ কিছু সময় পূৰ্বে এই ভিডিঅ’ ৰেকৰ্ড কৰা হৈছে।
ভিডিঅ’টোত চাৱন্তে ‘মোৰ বাবে দোৱা কৰিবা… মোক অপাৰেচনৰ বাবে লৈ গৈ আছে। মা তুমি ক’ত আছা? মোৰ তোমাক প্ৰয়োজন হৈছে… কষ্টদায়ক, বহুত কষ্টদায়ক’ আদি কথাবোৰ কোৱা দেখা গৈছে।
কেতিয়াবা প্ৰেম, কেতিয়াবা ফেশ্বন, কেতিয়াবা নিজস্ব বক্তব্যৰ বাবে সংবাদ মাধ্যমৰ শিৰোনামত থকা ৰাখি চাৱন্তক শুকুৰবাৰে মাজনিশা নক্ষত্ৰ মাল্টিস্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হয় ।
জানিব পৰা অনুসৰি, গৰ্ভাশয়(uterus)ত টিউমাৰ হোৱাৰ ফলত আজি তেওঁৰ চাৰ্জাৰি কৰোৱা হয়। অৱশ্যে বৰ্তমানলৈ পুষ্টি হোৱা নাই যে তেওঁৰ গৰ্ভাশয়ত টিউমাৰ হৈছে নে নাই ।