আম আদমী পাৰ্টিৰ সাংসদ স্বাতী মালিৱালৰ ওপৰত সংঘটিত আক্ৰমণৰ অভিযোগত শনিবাৰে দিল্লী আৰক্ষীয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰক গ্ৰেপ্তাৰ কৰে।
শনিবাৰে দিল্লী আৰক্ষীৰ দলটোৱে মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ বিভৱ কুমাৰক গ্ৰেপ্তাৰ কৰে। মালিৱালৰ অভিযোগ অনুসৰি, বিগত সোমবাৰে মুখ্যমন্ত্ৰীৰ বাসগৃহত কেজৰিৱালক সাক্ষাত কৰিবলৈ যোৱাৰ সময়ত বিভৱ কুমাৰে তেওঁক প্ৰহাৰ কৰিছিল।
ঘটনাৰ দিনটোত মৌখিক অভিযোগৰ অন্তত বৃহস্পতিবাৰে মালিৱালে এই বিষয়ত এফআইআৰ দাখিল কৰিছিল। তেতিয়াৰ পৰাই আৰক্ষীয়ে কেজৰিৱালৰ ব্যক্তিগত সচিবজনক বিচাৰি ফুৰিছিল।
শনিবাৰে দিল্লী আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ বাসগৃহত বিভৱ কুমাৰ থকাৰ তথ্য লাভ কৰাৰ পিছতে বিভৱক তাৰ পৰাই জিম্মাত লোৱা হয়।
উল্লেখ্য যে, এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল ১৩ মে’ত। প্ৰতিবেদন অনুসৰি, পুৱা ৯ বজাত মুখ্যমন্ত্ৰী গৃহত উপস্থিত হৈছিল স্বাতী মালিৱাল। অভিযোগ অনুসৰি বিভৱ কুমাৰে তেওঁক শাৰিৰীকভাৱে অপদস্থ কৰিছিল। এই ঘটনাৰ তিনিদিন পিছত ১৬ মে’ত দিল্লী আৰক্ষীয়ে স্বাতী মালিৱালৰ ঘৰলৈ গৈ তেওঁৰ বক্তব্য লিপিবদ্ধ কৰে। স্বাতী মালিৱালৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে বিভৱ কুমাৰৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়।
স্বাতী মালিৱালে তেওঁৰ এফআইআৰত উল্লেখ কৰা অনুসৰি বিভৱ কুমাৰে তেওঁৰ বুকু আৰু পেটত লাথ মাৰিছিল। স্বাতী মালিৱালে অভিযোগ কৰিছে যে বিভৱ কুমাৰে তেওঁক ৭-৮ বাৰ চৰ শোধাইছিল।