এতিয়া কৃষ্ণ চূড়া, ৰাধ চূড়া ফুলাৰ বতৰ। গ্ৰীষ্মক আদৰিবলৈ যেন প্ৰকৃতিয়ে সলাইছে ৰং

প্ৰকৃতিৰ বুকুত ভিন্ন ৰঙীন ফুলৰ মেলা। শান্ত ধৰাৰ বুকুত সাতোৰঙী ৰঙৰ সমাহাৰ । গ্ৰীষ্মক আদৰিবলৈ যেন প্ৰকৃতিয়ে সলাইছে ৰং ।

এতিয়া কৃষ্ণ চূড়া, ৰাধ চূড়া ফুলাৰ বতৰ। সেউজীয়া প্ৰকৃতিৰ বুকুত এতিয়া ফুলিছে ৰঙা, বগা, হালধীয়া আৰু নানা জাতৰ ফুল। প্ৰকৃতিৰ বুকুত নানান ৰঙৰ মেলা।

https://fb.watch/s9xJ6K0TS3

ধৰাৰ বুকুত ন-ৰূপেৰে সাজিছে সোনাৰু, কৃষ্ণ চুড়া, ৰাধা চূড়া আৰু এজাৰ ফুলে। আকাশ ৰঙা কৰি ফুলিব ধৰিছে কৃষ্ণচূড়া। পাহি মেলি আকাশৰ বুকুলৈ চাই ফুলিছে ৰাধাচূড়া। বকোৰ বিভিন্ন অঞ্চলৰ পথৰ দুয়োকাষে থকা বিভিন্ন ৰঙৰ ফুলে আদৰনি জনাইছে প্ৰকৃতি প্ৰেমী সকলক। এতিয়া যে বসন্তক বিদায় দিয়াৰ সময়, গ্ৰীষ্মক আদৰিবলৈ যেন প্ৰকৃতিয়ে সলাইছে ৰং । সেয়েহে ৰঙা, নীলা, হালধীয়া ফুলে মাতিছে গ্ৰীষ্মক। চৌপাশে কেবলমাত্ৰ ভিন্ন ৰঙীন ফুলৰ দলিচা ।
নানান ৰঙৰ ফুল, ফলৰ লগতে চৰাইবোৰেও নিৰ্মাণ কৰিছে বাহ। গছবোৰৰ উজ্জ্বল পাত, ধুনীয়া ফুল, গুঞ্জন কৰা মৌমাখি আৰু ৰঙীন পখিলাৰ সৈতে সেউজীয়া হৈ পৰিছে প্ৰকৃতি। যাৰ ফলত ৰঙৰ সাতসৰী পিন্ধি প্ৰকৃতি হৈছে অপৰূপা।

বসন্তক বিদায় দি গ্ৰীষ্ম ঋতুৱে সকলো লোকৰ মাজত সুখ, অনুপ্ৰেৰণা আৰু ইতিবাচকতাৰ সৃষ্টি কৰে আৰু সৃষ্টিশীল চিন্তাৰ পথ প্ৰশস্ত কৰে। হয়তো এই সময়ছোৱাত কবি, সাহিত্যিক, গীতিকাৰ, শিল্পীয়ে বিচাৰি পাব ন-সৃষ্টিৰ প্ৰেৰণা আৰু এনেদৰেই প্ৰকৃতিয়ে ধৰালৈ আদৰি আনে গ্ৰীষ্মক।

Comments (0)
Add Comment