ক’ত ক’ত বন্ধ থাকিব শিক্ষানুষ্ঠান…
দেশৰ বিভিন্ন প্ৰান্তত দহিছে উৎকট গৰমে। কোনো কোনো ৰাজ্যত গৰমে ৪৬ ডিগ্ৰী ছেলছিয়াছ তাপমাত্ৰা অতিক্ৰম কৰিছে।
তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা প্ৰশাসনৰ। উত্তৰ প্ৰদেশৰ নয়দা আৰু গাজিয়াবাদৰ বিদ্যালয়সমূহ ২৫ মে’ পৰ্যন্ত বন্ধ ৰখাৰ সিদ্ধান্ত। পত্ৰযোগে জিলা প্ৰশাসনে আজিৰ পৰা অহা ২৫ মে’লৈ প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীলৈ গৰমৰ বন্ধ ঘোষণা কৰিছে।
CBSE, ICSE, UP বৰ্ডৰ অধীনত থকা সকলো চৰকাৰী-ব্যক্তিগত বিদ্যালয়ত ২৫ মে’ পৰ্যন্ত বন্ধ থাকিব পাঠদান। উল্লেখ্য যে নয়ডাত গৰমে ৪৬ ডিগ্ৰী ছেলছিয়াছ অতিক্ৰম কৰিছে। বতৰ বিজ্ঞানৰ মতে, অনাগত দিনত অধিক বৃদ্ধি পাব তাপমাত্ৰা।