কেৰালা উচ্চ ন্যায়ালয়ে পেৰুম্বাৱুৰ অঞ্চলত এগৰাকী আইনৰ ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অপৰাধত অসমৰ এজন যুৱকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। সোমবাৰে মৃত্যুদণ্ড নিশ্চিত কৰা অসমৰ যুৱকজন হ’ল মহম্মদ আমিৰ-উল ইছলাম।
জানিব পৰা অনুসৰি, কৰ্মৰ সন্ধানত অসমৰ পৰা কেৰালালৈ গৈছিল আমিৰ।
আদালতৰ এখন বিভাগীয় বিচাৰপীঠে এই গোচৰটোৰ মৃত্যুদণ্ড নিশ্চিত কৰিছিল। এই ঘটনাটোৰ কোনো প্ৰত্যক্ষদৰ্শী নাছিল যদিও তদন্তকাৰী দলে বৈজ্ঞানিক প্ৰমাণৰ ভিত্তিত গোচৰটো নিষ্পত্তি কৰিছিল।
উল্লেখ্য যে, ২০১৬ চনৰ ২৮ এপ্ৰিলত পেৰুম্বাৱুৰত থকা নিজৰ সৰু জৰাজীৰ্ণ ঘৰত মৃত অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকী। যুৱতীগৰাকীৰ শৰীৰত স্পষ্ট আছিল প্ৰায় ৩৮ টা আঘাতৰ চিন।
অসমৰ আন এজন প্ৰব্ৰজিত শ্ৰমিকে দিয়া তথ্যৰ ভিত্তিত ২০১৬ চনৰ ১৬ জুনত তামিলনাডুৰ কাঞ্চীপুৰমৰ পৰা মহম্মদ আমিৰ-উল ইছলাম (২৫)ক গ্ৰেপ্তাৰ কৰা হৈছিল।
তদন্তৰ নেতৃত্ব দিয়া বৰ্তমানৰ অৱসৰপ্ৰাপ্ত আৰক্ষীৰ শীৰ্ষ বিষয়া বি সন্ধ্যাই কয় যে এইটো এটা অত্যন্ত জটিল গোচৰ আছিল যদিও সকলো প্ৰমাণ সঠিকভাৱে স্থাপন কৰা হৈছে।