সুৰা কেলেংকাৰী গোচৰক লৈ ন্যায়ালয়ত পুনৰ মুখথেকেচা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিছোদিয়াৰ। আম আদমী পাৰ্টিৰ নেতাৰ জামিন আবেদন নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে।
১৪ মে’ত সকলো পক্ষৰ যুক্তি শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সংৰক্ষিত কৰি ৰাখিছিল। ইয়াৰ পূৰ্বে ৰাউজ এভিনিউ আদালতে তেওঁৰ ন্যায়িক জিম্মা ৩১ মে’লৈকে বৃদ্ধি কৰিছিল।
দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা উচ্চতম ন্যায়ালয়লৈ জামিন বিচাৰি চিছোদিয়াই আবেদন জনাইছিল যদিও প্ৰতিবাৰেই তেওঁৰ আবেদন নাকচ কৰা হৈছিল।
২০২৪ চনৰ মাৰ্চ মাহত চিছোদিয়াই পুনৰ ট্ৰায়েল কোৰ্টত জামিনৰ বাবে আবেদন জনাইছিল, যাৰ শুনানি বাকী আছে।
উল্লেখ্য যে বিগত প্ৰায় ১৫ মাহ ধৰি তিহাৰ জেইলত বন্দী হৈ আছে চিছোদিয়া। ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। একে সময়তে ইডিয়ে ২০২৩ চনৰ ৯ মাৰ্চত চিবিআইৰ এফআইআৰৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত চিছোদিয়াক গ্ৰেপ্তাৰ কৰিছিল।
২০২৩ চনৰ ২৮ ফেব্ৰুৱাৰীতেই চিছোদিয়াই দিল্লী কেবিনেটৰ পৰা পদত্যাগ কৰিছিল।