ভাৰতত নিৰুদ্দেশ হোৱা বাংলাদেশৰ ৫৬ বছৰীয়া সাংসদ আনোৱাৰুল আজিম অনাৰক কলকাতাত নৃশংসভাৱে হত্যা কৰা হৈছে। বাংলাদেশৰ গৃহমন্ত্ৰী আছাদুজ্জামান খানে বুধবাৰে ঢাকাত এই কথা নিশ্চিত কৰি কয় যে এই সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
হত্যাকাণ্ডৰ লগত জড়িত সকলো হত্যাকাৰী বাংলাদেশী বুলি নিশ্চিত কৰি গৃহমন্ত্ৰীজনে এয়া পৰিকল্পিত হত্যাকাণ্ড আছিল বুলি উল্লেখ কৰে।
আজি ঢাকাত এখন সংবাদমেলযোগে গৃহমন্ত্ৰী আছাদুজ্জামান খানে কয় যে ভাৰতত নিৰুদ্দেশ হোৱা আৱামী লীগৰ সাংসদ আনোৱাৰুল আজিমক কলকাতাৰ এটা ফ্লেটত হত্যা কৰা হৈছে।
তেওঁ কয়, ‘এতিয়ালৈকে আমি যি তথ্য লাভ কৰিছো সেই অনুসৰি হত্যাকাণ্ডৰ লগত জড়িত সকলো হত্যাকাৰী বাংলাদেশী। এইটো পৰিকল্পিত হত্যাকাণ্ড আছিল।‘
খবৰ অনুসৰি তিনিবাৰৰ সাংসদ তথা আৱামী লীগৰ কালিগঞ্জ উপাজিলা ইউনিটৰ সভাপতি আজিম ১২ মে’ত চিকিৎসাৰ বাবে ভাৰতলৈ আহিছিল। ১৮ মে’ত উত্তৰ কলকাতাৰ বাৰানগৰ আৰক্ষী থানাত তেওঁ নিৰুদ্দেশ হোৱাৰ এজাহাৰ দাখিল কৰা হৈছিল।
ইফালে সাংসদ আজিমৰ মৃত্যুত শোক আৰু দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই।