আলুৰ ৰসেৰে তৈয়াৰী ফেচ পেক ব্যৱহাৰ কৰক আৰু চাব কেইদিনমানৰ পিছত আপোনাৰ ছালখন জিলিকি উঠিব।

বাৰিষাৰ সময়ত অতিৰিক্ত আৰ্দ্ৰতাৰ বাবে বহুতে ছালৰ উজ্জ্বলতা হেৰুৱাই পেলায়। ব্ৰণ(Acne)ৰ পৰা আৰম্ভ কৰি ব্ৰেকআউট(breakout skin)লৈকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। বহুতৰে ছালত ক’লা দাগ দেখা যায় আৰু এইবোৰৰ পৰা মুক্তি পাবলৈ ঘৰতে আলুৰ ৰসেৰে তৈয়াৰী ফেচপেক বনাই ছালৰ যতন ল’ব পাৰে।


আলুৰ ৰসৰ ফেচপেকৰ উপকাৰিতাঃ-

সপ্তাহত এবাৰ আলুৰ ৰসৰ ফেচপেক লগালেই কেইদিনমানৰ ভিতৰত প্ৰমাণ পাব আপুনিও। আলুত প্ৰচুৰ পৰিমাণে পটেছিয়াম থাকে যিয়ে ছালত থকা দাগ, পিগমেণ্টেচনৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে। যাৰফলত ছালখন স্পষ্ট আৰু উজ্জ্বল দেখা যায়।

কেনেকৈ ব্যৱহাৰ কৰিব?


আলু কাটিও আপুনি মুখখন ঘঁহি ল’ব পাৰিব অথবা আলুৰ ফেচপেক বনাব পাৰিব। আলুৰ ৰসেৰে তৈয়াৰী ফেচপেক ছালৰ বাবে বৰ উপযোগী হয়। নিয়মীয়াকৈ নোৱাৰিলেও সপ্তাহত এবাৰ ব্যৱহাৰ কৰিও ফল দেখিবলৈ পাব।

আলু-নেমুৰ ফেচপেকঃ- আলুৰ ৰসত কিছু নেমুৰ টোপাল মিহলাই মুখমণ্ডলৰ লগতে গললৈকে লগাই থৈ দিয়ক। ১৫মিনিটৰ পাছত ভালকৈ মুখখন ধুই লওক

আলু-গোলাপজল ফেচপেকঃ– আলুৰ ৰসত গোলাপজল আৰু হালধী মিহলাই ল’ব আৰু এই মিশ্ৰণ আপুনি মুখমণ্ডলত লগাই এৰি থৈ দিয়ক। ২০ মিনিটৰ পাছত পানীৰে ধুই দিয়ক।

আলু-চন্দন পাউদাৰৰ ফেচপেকঃ– আলুৰ ৰসত অকনমান চন্দন পাউদাৰ মিহলাই ফেচ পেক বনাই ল’ব আৰু মুখখনত এই মিশ্ৰিত ফেচ পেক লগাই থৈ দিব। ১৫ মিনিটৰ পাছত আপুনি মুখখন ধুই দিব।

আলু-চাউলৰ গুৰিৰ ফেচপেকঃ যদিহে আপোনাৰ ছালখন তেলীয়া হয় তেন্তে আপুনি আলুৰ ৰসৰ লগত চাউলৰ গুৰি আৰু মৌ-ৰস মিহলাই পেষ্ট বনাই ল’ব। এই মাস্ক আপুনি ৩০ মিনিটৰ বাবে মুখখনত লগাই ধুই দিব।

আলু-দৈ ফেচপেকঃ আলুৰ ৰসৰ লগত দৈ অকনমান মিহলাই পেষ্ট বনাই ল’ব তাৰ পাছত মুখখনৰ লগতে গললৈ আপুনি এই পেষ্ট মাস্ক হিচাপে লগাই এৰি থৈ দিব। ২০ মিনিটৰ পাছত পানীৰে ধুই ল’ব।

এইদৰে আপুনিও ঘৰতে বহি নিয়মীয়াকৈ নোৱাৰিলেও সপ্তাহত এবাৰ ব্যৱহাৰ কৰি কেইদিনমানৰ ভিতৰতে প্ৰমাণ পাব ।

আজিকালি চেলুনলৈ গৈ ফেচিয়েল কৰিলেই মুখখনৰ উজ্জ্বলতা ঘূৰাই আনিব পাৰি। কিন্তু উজ্জ্বল চেহেৰাৰ বিপৰীতে নিয়মীয়াকৈ চেলুনলৈ গৈ টকা খৰচ কৰিবলগীয়া হোৱাৰ উপৰি পাৰ্লাৰত বহুতো ৰাসায়নিক সামগ্ৰীৰে ফেচিয়েল কৰা হয় বাবে কিছু কিছু লোকৰ চালৰ সমস্যাই দেখা দিয়ে।

ফেচিয়েল হৈছে এক প্ৰকাৰৰ গভীৰ চাফাই প্ৰক্ৰিয়া। সেয়ে নিৰ্দিষ্ট ব্যৱধান অনুসৰণ নকৰাকৈ কেইবাবাৰো ফেচিয়েল কৰিলে ছালত বয়সৰ চাপ সোনকালে দেখা দিয়াৰ লগতে ৰং বৃদ্ধি কৰে।

Comments (0)
Add Comment