টি-২০ বিশ্বকাপ; ভাৰত-পাকিস্তানৰ মেচৰ টিকটৰ মূল্য দেখি হতভম্ভ অনুৰাগী

২ জুনৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত টি-২০ বিশ্বকাপ। এই বিশ্বকাপক লৈ ভাৰতীয় ক্ৰিকেট অনুৰাগীসকল অতিশয় উৎসাহিত। সমগ্ৰ প্ৰতিযোগিতাখনত মুঠ ২০টা দলে অংশগ্ৰহণ কৰিব।

কিন্তু সকলোৰে দৃষ্টি ভাৰত আৰু পাকিস্তানৰ খেলত নিবদ্ধ। কিন্তু এই মেচখনৰ বাবে আই চি চিয়ে নিৰ্ধাৰণ কৰা টিকটৰ মূল্যই অনুৰাগীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অহা ৯ জুনত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ খেলখন। ক্ৰিকেট অনুৰাগীয়ে এই খেলখন চাবলৈ ষ্টেডিয়ামলৈ যাবলৈ লাখ লাখ টকা দিব লাগিব।

আইচিচিৰ তথ্য অনুসৰি টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ খেলখনৰ বাবে ডাইমণ্ড ক্লাবৰ মূল্য ২০ হাজাৰ ডলাৰ। যদি আমি ইয়াক ভাৰতীয় টকালৈ ৰূপান্তৰিত কৰো তেন্তে ই প্ৰায় ১৬.৫ লাখ টকা হ’ব। ছচিয়েল মিডিয়া প্লেটফৰ্মত এই টিকটৰ দামক লৈ আইচিচিক সমালোচনা কৰিছে আই পি এলৰ পিতৃ হিচাপে পৰিচিত ললিত মোদীয়ে।

ললিত মোদীয়ে এক্সত লিখিছে, ‘আই চি চি টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ খেলৰ বাবে ডাইমণ্ড ক্লাবৰ আসনৰ দাম ২০ হাজাৰ ডলাৰ (১৬.৫ লাখ টকা) বুলি দেখি মই স্তম্ভিত হৈ পৰিলো’।

Comments (0)
Add Comment