মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত কংগ্ৰেছৰ বিধায়ক পি এন পাটিলৰ মৃত্যু ঘটিছে। কোলহাপুৰৰ কৰবীৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা ৭১ বছৰীয়া কংগ্ৰেছ বিধায়কগৰাকীয়ে দেওবাৰে ঘৰৰ বাথৰুমত পিছলি পৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।
সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু তেতিয়াৰ পৰাই কোলহাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ চিকিৎসা অব্যাহত আছিল। লাইফ চাপৰ্টত থকা বিধায়কগৰাকীৰ বুধবাৰে পুৱা মৃত্যু হয়।
উল্লেখ্য যে পি এন পাটিল কোলহাপুৰ জিলাৰ কংগ্ৰেছৰ সভাপতি আছিল। ১৯৯৫ চনত তেওঁ প্ৰথমবাৰৰ বাবে কোলহাপুৰৰ সংগ্ৰুলৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে।
বিধায়কগৰাকীৰ মৃত্যুত কংগ্ৰেছৰ শীৰ্ষ তথা জ্যেষ্ঠ নেতাসকলৰ লগতে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা পেটেলে শোক প্ৰকাশ কৰে।