বৃহস্পতিবাৰে ছত্তীশগড়ৰ নাৰায়ণপুৰ-বিজাপুৰ সীমান্তৰ সমীপৰ এখন বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত ৭ জন মাওবাদী নিহত হয়। নাৰায়ণপুৰৰ আৰক্ষী অধীক্ষক প্ৰভাত কুমাৰে জনোৱা মতে, পুৱা প্ৰায় ১১ বজাত নিৰাপত্তাৰক্ষীৰ এটা যুটীয়া দল নক্সাল বিৰোধী অভিযানত ওলাই যোৱাৰ পিছতেই এই এনকাউণ্টাৰ আৰম্ভ হয়।
তেওঁ লগতে কয় যে, নিৰাপত্তাৰক্ষীৰ দলটোৱে অঞ্চলটো ঘেৰাও কৰাৰ ফলত মাওবাদীয়ে তেওঁলোকক লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰে। ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়ে চলোৱা আক্ৰমণত নিহত হ’ল ৭ জন মাওবাদী৷
আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি, এই অভিযানৰ নেতৃত্ব দিছিল দন্তেৱাড়া, নাৰায়ণপুৰ আৰু বস্তৰ জিলাৰ জিলা ৰিজাৰ্ভ গাৰ্ড, বস্তৰ ফাইটাৰ্ছ আৰু স্পেচিয়েল টাস্ক ফ’ৰ্চৰ লগতে ৰাজ্যিক আৰক্ষীয়ে।
এনকাউণ্টাৰস্থলৰ পৰা এই পৰ্যন্ত ৭ জন মাওবাদীৰ মৃতদেহৰ লগতে বিভিন্ন অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হৈছে। অঞ্চলটোত এতিয়াও অনুসন্ধান অভিযান অব্যাহত আছে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জনায়।
উল্লেখ্য যে, শেহতীয়া এই এনকাউণ্টাৰৰ ঘটনাৰ সৈতে চলিত বছৰত ৰাজ্যখনত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত এই পৰ্যন্ত ১১২ গৰাকী মাওবাদী নিহত হৈছে।