শুকুৰবাৰে পুৱা দিল্লী-জম্মু ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে সাতগৰাকী লোকৰ মৃত্যু হয়। এই ঘটনাত আন ২০ গৰাকী লোক আঘাতপ্ৰাপ্ত হোৱা বুলিও জানিব পৰা গৈছে।
আজি ৰাতিপুৱা আম্বালাত সংঘটিত এই পথ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত লোকসকল সম্প্ৰতি আম্বালাৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে।
জানিব পৰা অনুসৰি, এখন ট্ৰাক আৰু এখন মিনি বাছৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই পথ দুৰ্ঘটনাটো সংঘটিত হয়। ট্ৰাকখনে হঠাতে ব্ৰেক লগোৱা কাৰণে পিছফালৰ পৰা আহি থকা বাছখনে খুন্দা মাৰে বুলি আৰক্ষীৰ প্ৰাথমিক তদন্ত জানিব পৰা গৈছে।
আৰক্ষীৰ মতে, উত্তৰ প্ৰদেশৰ বুলন্দচহৰৰ পৰা এখন মিনি বাছেৰে একাংশ লোকে মাতা বৈষ্ণো দেৱী দৰ্শন কৰিবলৈ গৈ আছিল। দুৰ্ঘটনাটোৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰা আন লোকসকলে কয় যে তেওঁলোকৰ মিনি বাছৰ আগত গৈ থকা ট্ৰাকখনে হঠাতে ব্ৰেক লগাইছিল। যাৰ বাবে মিনি বাছখনে ট্ৰাকখনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।
এই ঘটনাত মৃত্যু হোৱা ৭ জন লোক আটাইকেইজনেই একেটা পৰিয়ালৰ। আৰক্ষীৰ তথ্য অনুসৰি এই ঘটনাত তিনিজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়ত চিকিৎসাৰ সময়ত ৪ জন লোকৰ মৃত্যু হয়।
সম্প্ৰতি হাস্পতালত ভৰ্তি হৈ থকা কেইবাগৰাকীও লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে হাস্পতালত কৰ্তৃপক্ষই।