প্ৰচণ্ড তাপদহনত অতিষ্ঠ জনসাধাৰণ; ১৫ জনে সাৱটিলে মৃত্যুক

বিগত ১০ দিন ধৰি দেশত অব্যাহত আছে প্ৰচণ্ড গৰম। দেশৰ বহু ৰাজ্যত তাপমাত্ৰা ৪৯ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। উকট গৰমৰ ফলতেই ৰাজস্থানত প্ৰাণ হেৰুৱাইছে ৯ জন লোকে। বালোতৰা আৰু জালৌৰ জিলাত চাৰিজনকৈ আৰু জয়ছলমেৰত এজনকৈ লোকে প্ৰাণ হেৰুৱাইছে।

আনহাতে অত্যন্ত গৰমৰ বাবে হাৰিয়ানাত দুজন আৰু মধ্যপ্ৰদেশত চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে। গৰমৰ বিপৰীতে প্ৰচণ্ড বৃষ্টিপাতৰ বাবে হোৱা বান আৰু বজ্ৰপাতৰ ফলত কেৰালাত ৭ জন লোকৰ মৃত্যু হয়।

সমগ্ৰ উত্তৰ ভাৰতৰ লগতে দেশৰ আন আন প্ৰান্তত প্ৰচণ্ড তাপদহনে জনসধাৰণৰ জীৱন অসহনীয় কৰি তুলিছে। কোনো কোনো অঞ্চলত তাপমাত্ৰা ৫০ ডিগ্ৰী চেণ্টিগ্ৰেডলৈ বৃদ্ধি পোৱা বুলিও বতৰ বিজ্ঞান বিভাগে জনাইছে।

ইফালে, বৃহস্পতিবাৰে পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, গুজৰাট আৰু মধ্যপ্ৰদেশৰ কমেও ১৬ টা স্থানত সৰ্বোচ্চ তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলছিয়াছ বা তাতকৈ অধিক তাপমাত্ৰা ৰেকৰ্ড কৰা হয়।

দেশৰ আন আন প্ৰান্তসমূহৰ দৰে অসমতো যথেষ্ট বৃদ্ধি পাইছে তাপমাত্ৰা। উৰ্ধ্বগামী পাৰাস্তম্ভই জ্বলা কলা খুৱাইছে সাধাৰণ জনতাক। গুৱাহাটীত আজিৰ দিনটোত তাপমাত্ৰা হৈছে ৩৮ ডিগ্ৰী চেলছিয়াছ।

Comments (0)
Add Comment