আজি দেশৰ ৫৮ টা সমষ্টিত চলি থকা লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়তে ৰাইজৰ ৰোষত পৰিল এজন বিজেপিৰ প্ৰাৰ্থী। নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ বলি হ’ল পশ্চিম বংগৰ ঝাৰগ্ৰাম সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰণত টুডু।
জানিব পৰা মতে, পশ্চিম মেডিনাপুৰ জিলাৰ গৰবেটাৰ মংগলাপোটা অঞ্চলত একাংশ ৰাইজে শিল-ইটা আদিৰে আক্ৰমণ কৰে বিজেপি প্ৰাৰ্থীগৰাকী আৰু তেওঁৰ সুৰক্ষাত নিয়োজিত নিৰাপত্তাৰক্ষীৰ দলক।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’ত দেখা গৈছে যে উন্মত্ত একাংশ লোকে খেদি খেদি প্ৰাৰ্থী প্ৰণত টুডুক প্ৰহাৰৰ চেষ্টা চলাইছে। আনহাতে নিৰাপত্তাৰক্ষীয়ে ঢাল লৈ ৰাইজৰ আক্ৰমণৰ পৰা প্ৰাৰ্থীগৰাকীক বচোৱাৰ চেষ্টা কৰিছে।
ধাৰাসাৰ শিলাবৰ্ষণ দেখি প্ৰাৰ্থীগৰাকীৰ লগতে নিৰাপত্তা বিষয়া আৰু একাংশ সংবাদ মাধ্যমৰ লোকে ঘটনাস্থলৰ পৰা দৌৰি কথমপি প্ৰাণ ৰক্ষা কৰা দেখা গৈছে।
এই ঘটনাৰ পিছতে বিজেপি প্ৰাৰ্থীগৰাকীয়ে এই আক্ৰমণৰ বাবে তৃণমূল কংগ্ৰেছক দোষাৰোপ কৰি তেওঁৰ দুজন নিৰাপত্তাৰক্ষীয়ে মূৰত আঘাত পোৱাত হাস্পতালত ভৰ্তি কৰোৱাৰ দাবী কৰে।
ইফালে পশ্চিম বংগৰ শাসকীয় দল তৃণমূলে অভিযোগ কৰে যে বিজেপি প্ৰাৰ্থীগৰাকীৰ নিৰাপত্তাৰক্ষীয়ে ভোট দিবলৈ শাৰী পাতি থকা এগৰাকী মহিলাৰ সৈতে অশালীন ব্যৱহাৰ কৰে আৰু ইয়াৰ পিছতেই ভোটাৰসকলে বিজেপিৰ প্ৰাৰ্থীগৰাকী আৰু তেওঁৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
এই প্ৰতিবাদৰ মাজতেই বিজেপি প্ৰাৰ্থীগৰাকী আৰু তেওঁৰ নিৰাপত্তাৰক্ষীৰ দলটো আক্ৰমণৰ সন্মুখীন হয় বুলি জানিব পৰা গৈছে।