প্ৰশিক্ষকৰ দায়িত্ব ল’বলৈ BCCI-ক এটা চৰ্ত বান্ধি দিলে গৌতম গম্ভীৰে!

কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰক নে কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰাক্তন ক্ৰিকেটাৰক এই পদত নিযুক্তি দিব তাক লৈ চলিছে ক্ৰিকেট জগতত চলিছে চৰ্চা।

সংবাদ মাধ্যমত সঘনাই অষ্ট্ৰেলিয়াৰ ৰিকি পণ্টিং, নিউজিলেণ্ডৰ ষ্টিফেন ফ্লেমিংছ আদিৰ নাম উচ্ছাৰিত হোৱাৰ সমান্তৰালকৈ এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দৌৰত নাম সাঙোৰ খাইছে গৌতম গম্ভীৰৰ।

অৱশ্যে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰৰ সৈতে বিশ্বৰ ধনাঢ্য ক্ৰিকেট ব’ৰ্ড বি চি চি আইয়ে এই সম্পৰ্কত কোনোধৰণৰ সম্পৰ্ক কৰা নাই বুলি স্পষ্ট কৰি দিছে। বি চি চি আইৰ স্পষ্ট বাৰ্তাৰ পিছতেই এইবাৰ সংবাদ মাধ্যমত নাম উচ্ছাৰিত হৈছে গৌতম গম্ভীৰৰ।

দেশৰ এখন আগশাৰীৰ দৈনিক বাতৰি কাকতৰ প্ৰতিবেদন অনুসৰি, গৌতম গম্ভীৰ ভাৰতীয় দলৰ প্ৰশিক্ষক হ’বলৈ ইচ্ছা প্ৰকাশ কৰিছে যদিও ইয়াৰ বাবে তেওঁ বিচিচিআইৰ আগত ৰাখিছে চৰ্ত।

প্ৰকৃততে গম্ভীৰে প্ৰশিক্ষক পদৰ বাবে আবেদন দাখিল কৰিব যেতিয়া বিচিচিআইয়ে তেওঁক প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব। বি চি চি আইয়েও গম্ভীৰক প্ৰশিক্ষক হিচাপে নিযুক্ত দিবলৈ আগ্ৰহী বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে গম্ভীৰৰ মেণ্টৰশ্বিপতেই ২০২২ চনত প্ৰথমবাৰৰ বাবে আই পি এল খেলা লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ দলটোৱে কোৱালিফায়াৰত প্ৰৱেশ কৰিছিল। আনহাতে চলিত ছিজনত দুৰ্দান্ত প্ৰদৰ্শনেৰে ফাইনেলত প্ৰৱেশ কৰা কলকাতা নাইট ৰাডাৰ্ছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বতো আছে গম্ভীৰ।

এনে পৰিস্থিতিত নিসন্দেহে গম্ভীৰে নিজৰ প্ৰশিক্ষকৰ গুণ আৰু সামৰ্থ বিশ্বৰ আগত দাঙি ধৰিছে।

প্ৰতিবেদনত দাবী কৰা অনুসৰি, চেন্নাইত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ ফাইনেলৰ দিনটোতে বি চি চি আইয়ে গম্ভীৰৰ সৈতে প্ৰশিক্ষক সন্দৰ্ভত আলোচনাত মিলিত হ’ব।

উল্লেখ্য যে বিচিচিআইয়ে প্ৰশিক্ষকৰ বাবে আবেদন কৰাৰ সময়সীমা ২৮ মে’লৈকে নিৰ্ধাৰণ কৰিছে।

Comments (0)
Add Comment