টি-২০ ক্ৰিকেটত বাবৰে ৰচিলে ইতিহাস; ভংগ কোহলী আৰু ৰোহিত শৰ্মাৰ অভিলেখ

আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত পুনৰবাৰ আন এক কৃতিত্ব গঢ়িবলৈ সক্ষম হ’ল পাকিস্তানৰ বাবৰ আজম। আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত দিব্তীয় স্থানত উপনীত হ’ল পাকিস্তানৰ অধিনায়কগৰাকী।

সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত বাবৰ আজমে অতিক্ৰম কৰিলে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাক।

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত এই কৃতিত্ব গঢ়ে বাবৰ আজমে। এই মেচখনত বাবৰে ২৬টা বলত ৩২ ৰানৰ ইনিংছ খেলে। এই ইনিংছৰ সময়তে বাবৰে অতিক্ৰম কৰে ৰোহিত শৰ্মাক।

টি-২০ আন্তঃৰাষ্ট্ৰীয় এতিয়া বাবৰৰ নামত সংযোজন হ’ল ৩৯৮৭ ৰান। আনহাতে ৰোহিতৰ নামত আছে ৩৯৭৪ ৰান।

ইফালে বিৰাটে এই পৰ্যন্ত ১০৯ টা টি-২০ ইনিংছত মুঠ ৪০৩৭ ৰান সংগ্ৰহ কৰিছে। পল ষ্টাৰলিঙে ১৪১ ইনিংছত ৩৫৮৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে মাৰ্টিন গুপটিলে ১১৮ ইনিংছত মুঠ ৩৫৩১ ৰান সংগ্ৰহ কৰিছে।

টি-২০ত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন

বিৰাট কোহলি – ১০৯ ইনিংছত ৪০৩৭ ৰান
বাবৰ আজম – ১১১ ইনিংছত ৩৯৮৭ ৰান
ৰোহিত শৰ্মা – ১৪৩ ইনিংছত ৩৯৭৪ ৰান
পল ষ্টাৰলিং – ১৪১ ইনিংছত ৩৫৮৯ ৰান
মাৰ্টিন গুপটিল – ১১৮ ইনিংছত ৩৫৩১ ৰান

ইয়াৰ উপৰি বাবৰে অধিনায়ক হিচাপেও ৰান সংগ্ৰহৰ ক্ষেত্ৰত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক অতিক্ৰম কৰিছে। টি-২০ত অধিনায়ক হিচাপে ১০০০ ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে বাবৰ আজম।

অধিনায়ক হিচাপে দ্ৰুতগতিত ১০০০ ৰান সংগ্ৰহ কৰা অধিনায়ক

২৬ ইনিংছ- বাবৰ আজম
২৯ ইনিংছ – ৰোহিত শৰ্মা
৩০ ইনিংছ- বিৰাট কোহলী
৩১ ইনিংছ- ফাফ ডু প্লেছিছ
৩১ ইনিংছ – জোছ বাটলাৰ
৩২ ইনিংছ –  এৰন ফিঞ্চ
Comments (0)
Add Comment