ধাবাৰ সন্মুখত ৰৈ থকা বাছক প্ৰচণ্ড খুন্দা ডাম্পাৰৰ; ১১ গৰাকী ভক্তৰ মৃত্যু, ২৫ আহত

উত্তৰ প্ৰদেশৰ শ্বাহজাহাপুৰত শনিবাৰে গভীৰ নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১০ জন লোক গুৰুতৰভাৱে আহত হয়।

পথ দুৰ্ঘটনাৰ বলি হোৱা এই আটাইকেইজন সীতাপুৰ জিলাৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, উত্তৰাখণ্ডৰ পূৰ্ণাগিৰী মাতা মন্দিৰ দৰ্শন কৰিবলৈ যোৱা অৱস্থাতে এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।

শনিবাৰে নিশা প্ৰায় ১১ বজাত শ্বাহজাহাপুৰৰ খুটাৰ অঞ্চলৰ গোলা-লখিমপুৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, এই লোকসকলক কঢ়িয়াই অনা বাছখন এখন ধাবাৰ সন্মুখত ৰৈ থকাৰ সময়তে বাছখনত তীব্ৰ বেগেৰে অহা এখন ডাম্পাৰে প্ৰচণ্ড খুন্দা মাৰে।

আৰক্ষীৰ তথ্য অনুসৰি এই বাছখন গোলা মাৰ্গ হৈ খুটাৰত উপস্থিত হৈছিল। ইয়াতে যাত্ৰীসকলক খোৱা বোৱাৰ বাবে চালকজনে বাছখন এখন ধাবাৰ সন্মুখত ৰাখিছিল।

সেই সময়তে গোলা অভিমুখে গৈ থকা এখন তীব্ৰবেগী ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনক খুন্দিয়াই বাগৰি পৰে। ডাম্পাৰৰ সৈতে সংঘৰ্ষ ইমানেই প্ৰবল আছিল যে বাছখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল।

বাছখন ডাম্পাৰৰ তলত সোমাই যোৱাৰ বাবে উদ্ধাৰ কাৰ্যত যথেষ্ট পলম হোৱাত ১১ গৰাকীকৈ ভক্তই কৰুণ মৃত্যুক সাৱটি লয়। ইফালে গুৰুতৰভাৱে আহত হোৱা ২৫ গৰাকী লোকক স্থানীয় চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। 

Comments (0)
Add Comment