পেৰিছ অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বে টকিঅ’ অলিম্পিক স্বৰ্ণ জয়ী নীৰজ চোপ্ৰাৰ এটা ইনষ্টাগ্ৰাম ষ্টৰীয়ে চিন্তা বঢ়াইছে ভাৰতীয় অনুৰাগীৰ।
জানিব পৰা অনুসৰি, টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই দুসপ্তাহ পূৰ্বে অনুশীলনৰ সময়ত পেশীৰ আঘাতত ভুগিছিল।
এই আঘাতৰ বাবে ২৮ মে’ত চেক গণৰাজ্যত অনুষ্ঠিত হ’বলগীয়া অষ্ট্ৰাভা গোল্ডেন স্পাইক ২০২৪ এথলেটিকছ মিটত অংশগ্ৰহণ নকৰে চোপ্ৰাই।
অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই দেওবাৰে ইনষ্টাগ্ৰামত এটা ষ্টৰী শ্বেয়াৰ কৰি কয় যে তেওঁ আঘাতপ্ৰাপ্ত হোৱা নাই আৰু নিজৰ ফিটনেছৰ প্ৰতি লক্ষ্য ৰাখিহে অষ্ট্ৰাভা গোল্ডেন স্পাইক- ২০২৪ এথলেটিকছ মিটত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে।
তেওঁ লগতে কয় যে- ‘মই স্পষ্ট কৰি দিব বিচাৰিছো যে মই আঘাতপ্ৰাপ্ত হোৱা নাই। কিন্তু অলিম্পিকৰ পূৰ্বে মই কোনো ধৰণৰ ৰিস্ক ল’ব নিবিচাৰো। সেয়ে এই সিদ্ধান্ত ল’বলগীয়া হৈছে’