গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি এই কাম নকৰিব! ৰাজ্যত ভয়ংকৰ ঘটনা।

উৎকট গৰমৰ মাজতে মহানগৰীত ভয়ংকৰ ঘটনা। ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন দুজন যুৱক!

নিখোজ যুৱক দুজন ক্ৰমে নাৰেংগী-ফৰেষ্টগেট অঞ্চলৰ চিন্ময় পাঠক আৰু অৰ্জুন নাথ বুলি জানিব পৰা গৈছে

ব্ৰহ্মপুত্ৰ নদীৰ পাৰত উদ্ধাৰ নিখোজ যুৱক দুজনৰ মোবাইল ফোন । নিখোজ যুৱক দুজন ক্ৰমে নাৰেংগী-ফৰেষ্টগেট অঞ্চলৰ চিন্ময় পাঠক আৰু অৰ্জুন নাথ বুলি জানিব পৰা গৈছে । পানীখাইতিৰ তামোলবাৰীত এই ঘটনা সংঘটিত হৈছে ।

নাৰেংগী-ফৰেষ্টগেট অঞ্চলৰ পৰা গৈছিল ১০ জনীয়া যুৱকৰ দলটো। যুৱক কেইজনে ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ যোৱাৰ পাছতেই সংঘটিত হয় এই ঘটনা। নিখোজ দুই যুৱকৰ পৰিয়ালত হাহাকাৰ । ঘটনাস্থলীত উপস্থিত হৈছে পানীখাইতি আৰক্ষীৰ লগতে এছ ডি আৰ এফ বাহিনীৰ দল।

নিখোজ যুৱক দুজনক উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে উদ্ধাৰকাৰী দলে। সাধাৰণতে বিভিন্নজনে গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি বিভিন্ন সময়ত নদীত গা ধুবলৈ যোৱা পৰিলক্ষিত হয়।

কিন্তু আপুনি সাঁতুৰিব নাজানিলে এনে ধৰণৰ কাম নকৰাটোৱেই শ্ৰেয়। কাৰণ এনে এটা ভুলৰ বাবে আপোনাৰ জীৱনলৈ আনিব পাৰে ভাবুকি।

Comments (0)
Add Comment