নিয়তিৰ নিষ্ঠুৰ পৰিহাস! জন্মৰ পিছতে চকু মুদিলে ৭ টি দেৱশিশুৱে। হাস্পতালত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে নৱজাতককেইটিয়ে। দিল্লীৰ বিবেক বিহাৰ অঞ্চলৰ বেবী কেয়াৰ হাস্পতালত নিশা এই ঘটনা। অগ্নিকাণ্ডৰ সময়ত ১২ টা শিশুক উদ্ধাৰ কৰা হৈছিল। চিকিত্সাধীন অৱস্থাত ৭জন নৱজাতকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আন ৫ টি নৱজাতকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
শনিবাৰে নিশা প্ৰায় ১১.৩০ বজাত আৰক্ষীয়ে বিবেক বিহাৰ থকা নিউ বৰ্ণ বেবী কেয়াৰ হাস্পতালৰ লগতে কাষৰীয়া এটা অট্টালিকাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ সন্দৰ্ভত খবৰ লাভ কৰে। ইয়াৰ পিছতেই তাত্ক্ষণিকভাৱে ৯খন অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰাৰ চেষ্টা চলায়। পুৱতি নিশাহে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনী। ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে উপস্থিত হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।