IPLত কোন দলে কিমান কোটি টকা লাভ কৰিলে? বিজয়ী দলে কিমান পালে ধন?  

কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে আজুৰি নিলে IPLৰ খিতাপ। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ১১৩ ৰানৰ প্ৰত্যুত্তৰত কেকেআৰে ১০.৩ অভাৰতে ২টা উইকেটৰ বিনিময়ত ১১৪ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে। চেন্নাইত অনুষ্ঠিত ফাইনেল খেলখনৰ অন্তত খেলুৱৈসকলৰ লগতে ৰাণাৰ্ছ আপ টীমক পুৰস্কৃত কৰা হয়। আই পি এলত অংশ লোৱা দলসমূহে কিমান ধন লাভ কৰিলে জানেনে?

বিজয়ী দল কলকাতা নাইট ৰাইডাৰ্ছে লাভ কৰিলে ২০ কোটি টকা। ৰানাৰ্ছ আপ ছানৰাইজাৰ্ছ হায়দৰাবাদে পালে ১২.৫০ কোটি টকা। প্ৰতিযোগিতাৰ তৃতীয় নম্বৰত থকা ৰাজস্থান ৰয়েলছে লাভ কৰিলে ৭ কোটি টকা। ৬.৫ কোটি টকা লাভ কৰিলে চতুৰ্থ স্থানত থকা ৰয়েলছ চেলেঞ্জাৰ্ছ বেংগালোৰে।

ছীজনত সৰ্বাধিক উইকেট ল’বলৈ সক্ষম হোৱা হৰ্ষল পেটেলে পালে ১০ লাখ টকা। পঞ্জাৱ কিংছৰ বেগী বলাৰ হৰ্ষল পেটেলে ১৪ খন মেচৰ ১৪টা ইংনিছত বলিং কৰি ২৪টা উইকেট দখল কৰি লাভ কৰিছে পাৰ্পল কেপ। আনহাতে বিৰাট কোহলীয়ে ছীজনটোত সৰ্বাধিক ৭৪১ ৰান সংগ্ৰহ কৰি অৰেঞ্জ কেপ দখল কৰে। ইয়াৰ বাবে তেওঁ লাভ কৰে ১০ লাখ টকা। Emerging Player of the Season  খিতাপ দখল কৰা নীতিশ কুমাৰ ৰেড্ডীয়ে ১০ লাখ টকা লাভ কৰিছে। Most Valuable Player of the Season হিচাপে সুনীল নাৰিনে লাভ কৰে ১০ লাখ টকা। Electric Striker of the Season হিচাপে জেক ফ্ৰেজাৰ-মেকগুৰ্ক আৰু Fantasy Player of the Season হিচাপে সুনীল নাৰিনক ১০ লাখকৈ টকা আগবঢ়োৱা হয়। Super Sixes of the Season ৰ খিতাপ দখল কৰা অভিষেক শৰ্মাই লাভ কৰে ১০ লাখ টকা। Catch of the Seasonৰ খিতাপ দখল কৰা ৰমণদ্বীপ সিঙে ১০ লাখ টকা লাভ কৰে। RuPay on the Go 4s of the season হিচাপে ট্ৰেভিছ হেডলৈ ১০ লাখ টকা আগবঢ়োৱা হয়। হায়দৰাবাদ ক্ৰিকেট এছোছিয়েচনলৈ Pitch and Ground Award হিচাপে ৫০ লাখ টকা প্ৰদান কৰা হয়।

১৭ সংখ্যক আই পি এলৰ ছীজনত ইলেক্ট্ৰিক ষ্ট্ৰাইকাৰ অৱ দ্য মেচৰ খিতাপ লাভ কৰে ভেঙ্কটেশ আয়াৰে। ফেণ্টাচী প্লেয়াৰ অফ দ্য মেচৰ খিতাপ মিচেল ষ্টাৰ্কে লাভ কৰে। ভেঙ্কটেশ আয়াৰলৈ ছুপাৰ ছিক্স অফ দ্য মেচৰ খিতাপ আগবঢ়োৱা হয়। Rupe on the Go-4s of the Matchৰ খিতাপ ৰহমানুল্লাহ গুৰবাজলৈ আৰু গ্ৰীণ ডট বল অফ দ্য মেচৰ সন্মান লাভ কৰে হৰ্ষিত ৰাণাই। আনহাতে ৩ অভাৰত মাত্ৰ ১৪ ৰান দি ২ টা উইকেট দখল কৰা মিচেল ষ্টাৰ্কে মেন অৱ দ্য মেচৰ বঁটা লাভ কৰে।

Comments (0)
Add Comment